মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান

157

দেওবাৰে নিশা মেঘালয়ত নিৰাপত্তাৰক্ষীৰ ওপৰত দুস্কৃতিকাৰীৰ শিল আৰু খালী সুৰাৰ বটল আক্ৰমণত কমেও দুজন বি এছ এফ জোৱান আহত হয়। এই ঘটনাৰ পিছতে প্ৰত্যুত্তৰ হিচাপে গুলিচালনা কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়েও।

মেঘালয় ফ্ৰণ্টিয়াৰ বিএছএফৰ এক বিজ্ঞপ্তি অনুসৰি, ওল্ড উমছিয়েমৰ ষ্টেণ্ডিং পেট্ৰ’ল বেছত নিয়োজিত বিএছএফৰ চতুৰ্থ বেটেলিয়নৰ জোৱানসকলে দেওবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ ডাউকি-পাইনাৰ্চলা পথত দুৰ্বৃত্তৰ চলাচল লক্ষ্য কৰে।

বিএছএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত বিএছএফৰ দলটোৱে অঞ্চলটোত তালাচী চলায়। বিএছএফে দিনটোৰ আৰম্ভণিতে একেটা অঞ্চলৰ পৰা ২,২১,০০০ টকাৰ কাপোৰৰ সামগ্ৰী জব্দ কৰি এনে ধৰণৰ আন এটা চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টাও বিফল কৰিছিল।

বিজ্ঞপ্তিটোৱে আৰু জনোৱা হয় যে কিছু সময়ৰ পিছত কিছুমান দুৰ্বৃত্ত একত্ৰিত হৈছিল আৰু বিএছএফ ৰ চৌকিত প্ৰৱেশ কৰিছিল আৰু শিল আৰু খালী বটল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল।