মাজুলীৰ নিমাতীঘাতৰ নাও দুৰ্ঘটনাত মাতৃৰ চকুৰ আগতে মৃত্যু হৈছিল পৰিমিতাৰ। প্ৰবক্তা জীয়াৰী পৰীমিতাক নাওত উঠাই দি মাতৃয়ে বিদায় দিয়াৰ পিছতে ঘটে এই দুৰ্ঘটনা। পানীৰ বটল দি পাৰলৈ অহা মাতৃয়ে হাত জোকাৰি জীয়াৰীক বিদায় দিয়াৰ পিছতে প্ৰচণ্ড খুন্দা শুনে পৰিমিতাৰ মাতৃয়ে। এই বিদায় যে অন্তিম বিদায় হ’ব সেয়া কেতিয়াও ভবা নাছিল পৰীমিতাৰ মাতৃয়ে।
শোকাস্তব্ধ মাতৃয়ে জানিবলৈ দিয়া মতে, আঠখেলীয়া নামঘৰলৈ জীয়াৰীৰ সৈতে গৈছিল তেওঁ। তাত থকা মাহীয়েকৰ ঘৰত নিশাটো কটোৱাৰ কথা আছিল যদিও পিছদিনা কলেজত ক্লাছ থকা বাবে পৰীমিতাই অকলে উভতি অহাৰ সিদ্ধান্ত লয়। যদিও নগাঁৱৰ বেবেজীয়াত পিতৃগৃহ,পৰৱৰ্তী সময়ত পৰিমিতাৰ পৰিয়াল গুৱাহাটীৰ বাসিন্দা হৈ পৰিছিল৷ মাজুলীৰ ‘ৰঙাচাহী মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল পৰিমিতা৷
পৰিমিতাৰ পিতৃ আছিল আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক৷ বিগত ২৭ ফেব্ৰুৱাৰীত ‘ৰঙাচাহী মহাবিদ্যালয়’ত অধ্যাপিকাৰ পদত নিযুক্তি লাভ কৰিছিল পৰিমিতাই৷ কৰ’নাৰ নতুন এছঅ’পি অনুসৰি মহাবিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল অসম চৰকাৰে৷ যাৰ বাবে দীৰ্ঘদিনৰ বিৰতিৰ পাছত ১০দিনৰ পূৰ্বে তেওঁক মাজুলীলৈ থ’বলৈ গৈছিল মাতৃ সীমাৰাণী ভূঞাই।
কালি মাতৃৰ উভতনি যাত্ৰা আছিল৷ মাজুলীৰ পৰা উভতি অহাৰ পথত মাতৃ-কন্যাই পুৱাতে আঠখেলীয়া নামঘৰ দৰ্শন কৰি নিমাতীঘাটলৈ আহিছিল৷ নিমাতী ঘাটৰ পৰা ফেৰীৰে যাত্ৰা কৰি নৈশ বাছত মাতৃক বহুৱাই পুনৰ মাজুলীলৈ উভতি যোৱাৰ কথা আছিল৷ কিন্তু নিয়তিৰ কি পৰিহাস! মাতৃৰ সন্মুখতে পৰিমিতা উঠা ফেৰীখন মুহূৰ্ততে বহ্মপুত্ৰৰ বুকুত সোমাই যায়৷লগে লগে নিখোঁজ হৈ পৰে বহু যাত্ৰী৷
তাৰ-মাজতে উদ্ধাৰ হ’ল পৰিমিতাৰ শেতা পৰা দেহ৷লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল পৰিমিতাক৷কিন্তু চিকিৎসালয় পোৱাৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷