ঋতু পৰ্ণ শৰ্মা,নগাঁও:- নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাট নিবাসী বিশিষ্ট শিক্ষাবিদ, সুলেখক, পুথিভঁৰাল আন্দোলনৰ প্ৰবীণ কৰ্মী টংকেশ্বৰ দাসৰ ৮০ সংখ্যক ওপজা দিনটি বুধবাৰে উদযাপন কৰা হয় । এই উপলক্ষে দক্ষিণপাটৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক’ভিড প্ৰট’কল মানি উদযাপিত অনুষ্ঠানটি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত সম্পন্ন হয় ।
শিক্ষাবিদ টংকেশ্বৰ দাসক চেলেং, গামোচা, জাপি, গ্ৰন্থৰ টোপোলা আৰু ফুলৰ থোপাৰে ওলগ জনোৱা অনুষ্ঠানটিত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা অনুষ্ঠানটি ধেনুৰাম নাথৰ লোকগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা হয় ৷ সদৌ অসম পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট গল্পকাৰ তথা “সাপ্তাহিক কলংপাৰ” কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, জ্যেষ্ঠ শিক্ষক লৱকান্ত শৰ্মা, সমাজকৰ্মী ঘন দাসে বিশিষ্ট শিক্ষাবিদগৰাকীৰ সামাজিক জীৱনৰ ওপৰত আলোকপাত কৰে ৷
সম্বৰ্ধনা গ্ৰহণ কৰি শিক্ষাবিদ টংকেশ্বৰ দাসে মানুহ জীয়াই থকাৰ আহিলা হ’ল লিখা-পঢ়া আৰু অধ্যয়ন বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক ম’বাইল সংস্কৃতি আৰু ধিতিঙালি ত্যাগ কৰি অধ্যয়নমুখী আৰু সমাজসেৱা কৰিবলৈ আহ্বান জনায় ৷ প্ৰসংগক্ৰমে দাসে বৰ্তমান আঞ্চলিক ইতিহাস এখন ৰছনাৰ কামত ব্ৰতী হৈ থকাৰ কথা ব্যক্ত কৰে ৷
উল্লেখ্য যে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ লগতে অঞ্চলৰ প্ৰায় কুৰিটাৰো অধিক সংগঠনে উক্ত সভাতে শিক্ষাবিদগৰাকীক ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বিশিষ্ট ক্ৰীড়া সংগঠন শচীন্দ্ৰ দেৱ মহন্ত,জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতি,সম্পাদক বলদেৱ নাথ, সহঃ সম্পাদক চাহাবুদ্দিন আহমেদ, প্ৰচাৰ সম্পাদক মাণিক কুমাৰ নাথ,বিশিষ্ট সমাজকৰ্মী যজ্ঞেশ্বৰ শইকীয়া, অৰুণ বৰাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷
