ভাৰতত অতি শীঘ্ৰে শিশুসকলৰ ওপৰত পৰীক্ষণ কৰা হব ‘ন’ভাভাক্স’ ভেকচিনৰ…

89

কোৰোনাৰ তৃতীয় লহৰে অতি ভয়াবহতাৰ সৃষ্টি কৰিব শিশুসকলৰ মাজত। বিশেষজ্ঞৰ এই সতৰ্কবাণীৰ পিছতে এতিয়া শিশু সকলক কোভিড মহামাৰীৰ পৰা দূৰৈত ৰাখিবলৈ সষ্টম হৈ পৰিছে চৰকাৰ তথা চিকিৎসা বিজ্ঞানীসকল। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান চিৰামে শিশুসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ন’ভাভাক্স (Novavax) নামৰ ভেকচিন।

জানিব পৰা মতে, অতি শীঘ্ৰেই ভাৰতত শিশু সকলৰ ওপৰত এই ভেকচিনৰ পৰীক্ষণ পক্ৰিয়া আৰম্ভ কৰা হব। উল্লেখ্য যে, ভাৰতত শিশুসকলৰ ওপৰত পৰীক্ষণ কৰা ন’ভাভাক্স হৈছে চতুৰ্থটো ভেকচিন। হায়দৰাবাদস্থিত ভাৰত বায়’টেক(Bharat Biotech)এ ইতিমধ্যে ১২ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ বাবে ক’ভাক্সিন(Covaxin) ভেকচিনৰ পৰীক্ষা আৰম্ভ কৰিছে। দিল্লী আৰু পাটনাত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স(All India Institute of Medical Science)এ ৫২৫টা শিশুৰ ওপৰত ভেকচিন পৰীক্ষণৰ ব্যৱস্থা কৰিছে।