দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

101

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম তথা উত্তৰ-পূবত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বিশেষ বিমানেৰে দিনৰ প্ৰায় ১২.২০ বজাত তেওঁ লখিমপুৰত উপস্থিত হোৱাৰ পিছতে লখিমপুৰ-অৰুণাচল কিমিনপটিন পথটো মুকলি কৰে।

উল্লেখ্য যে, অসম তথা উত্তৰ-পূবত মুঠ ১২টাকৈ নৱ নিৰ্মিত পথৰ উদ্বোধন কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। অসম ভ্ৰমণৰ পিছতে তেওঁ সন্ধিয়া ৰাওনা হয় অৰুণাচল প্ৰদেশলৈ। কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণৰ সময়ত সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।