বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে অসম আৰক্ষী, গাওঁৰক্ষী সদস্যৰ মাজৰ সজগতা সৃষ্টি

326

উত্তৰ-পূব ভাৰতত ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত ‘বহু সংস্থাৰ সমন্বয়’ৰ বৃদ্ধিৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) ইয়াৰ DETERS (বিপন্ন আৰু বিৰল প্ৰজাতিৰ ব্যৱসায় বিঘ্নিত আৰু অন্ত কৰা) উদ্যোগৰ অধীনত বিশ্বনাথ আৰক্ষীৰ সহযোগত বিশ্বনাথ চাৰিআলিত বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় এখন সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰে ।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাখন উদ্বোধন কৰি আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱাই এই কৰ্মশালাখন আয়োজন কৰাৰ বাবে আৰু আৰক্ষীক চোৰং চিকাৰ বিৰোধী কুকুৰ কে-নাইন (K9)ৰ জৰিয়তে কৰা সহায় আৰু গাওঁ ৰক্ষী বাহিনী (ভিডিপি)ক দিয়া সাহায্যৰ বাবে আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে । যোৱা ১১ আগষ্টত অনুষ্ঠিত কৰ্মশালাখন উপস্থিত থাকি অসম আৰক্ষীৰ উত্তৰ মণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক (ডি আই জি) বিজয়গিৰি কুলিগামে আৰণ্যকৰ দলৰ সৈতে মত বিনিময় কৰে ।

বিশ্বনাথ চাৰিআলি আৰক্ষী জিলাৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষী লোকসকলক গঁড়ৰ চোৰং চিকাৰক প্ৰাধান্য দি বন্যপ্ৰাণী অপৰাধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আৰণ্যকৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে অৱগত কৰে । উত্তৰ-পূব ভাৰতত গঁড় আৰু অন্যান্য বন্যপ্ৰাণীৰ চিকাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় অপৰাধী গোটবোৰৰ মাজত থকা বুজাবুজিৰ বিষয়ে তেওঁ বৰ্ণনা কৰে।

আৰণ্যকৰ পৰামৰ্শদাতা তথা গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে ২০২২ চনত সংশোধন কৰা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ প্ৰাসংগিক ধাৰাসমূহৰ বিষয়ে আৰক্ষীক অৱগত কৰে, যাতে তদন্তকাৰী বিষয়াসকলে বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ পানী নসৰকা তদন্ত কৰিব পাৰে । আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক ডাঃ জিমি বৰাই আৰণ্যকৰ সমল দলটোৰ নেতৃত্বত বহন কৰিছিল ।

এই কৰ্মশালাখনৰ পিছত বিশ্বনাথ সদৰ থানাৰ সমূহীয়া সভাকক্ষত গাঁওৰক্ষী বহিনীৰ সদস্যসকলৰ আন এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰক্ষী বাহিনীৰ সমন্বয়ত বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত মুখ্য ভূমিকা পালন কৰা গাঁওৰক্ষী বহিনীৰ সদস্যসকলৰ সৈতে আৰণ্যকৰ ড: জিমি বৰা, অধিবক্তা অজয় কুমাৰ দাস আৰু সঞ্জীৱ বেজবৰুৱাই মত বিনিময় কৰে ।

বন্যপ্ৰাণীৰ অপৰাধ প্ৰতিৰোধৰ বাবে সক্ৰিয়ভাৱে কাম পালন কৰি অহা দিঘলী পুখুৰী মটক গাঁৱৰ পাঁচগৰাকী মহিলা সদস্যকে ধৰি বিশ্বনাথৰ গাওঁৰক্ষী বহিনীৰ প্ৰায় ছটা দলৰ কমেও ৬০ জন ব্যক্তিক ব্ৰিটেইনস্থিত ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ পৃষ্ঠপোষকতাত ৰেইনকোট আৰু জোতা উপহাৰ দিয়া হয় ।

গাওঁৰক্ষী সংগঠনৰ কমাণ্ডিং বিষয়া গৌতম মহন্তৰ সভাপতিত্বত আনুষ্ঠিত আৰু আৰণ্যকৰ সঞ্জীব বেজবৰুৱাই পৰিচালনা কৰা গাওঁৰক্ষী বাহিনীৰ সদস্যসকলৰ কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ৰেঞ্জাৰ (অপৰাধ) যতীন্দ্ৰ মোহন দাসৰ লগতে গাওঁৰক্ষী বাহিনীৰ উপ উপদেষ্টা কন্দৰ্প হাজৰিকা উপস্থিত থাকে ।

গাওঁৰক্ষী বাহিনীৰ সদস্যসকলে আৰণ্যকক এই সহায়ৰ বাবে শলাগ লয় আৰু চিকাৰকে ধৰি যিকোনো ধৰণৰ বন্যপ্ৰাণী অপৰাধ প্ৰতিহত কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত চোকা নজৰ ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।