কবি অমূল্য বৰুৱাৰ স্মৃতিত নতুন সাহিত্য পৰিষদৰ বিশেষ অনুষ্ঠান

292

নতুন সাহিত্য পৰিষদৰ পশ্চিম গুৱাহাটী শাখাই অহা ১৮ আগষ্টত প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ ৭৭তম মৃত্যু দিনটো সাম্প্ৰদায়িকতা বিৰোধী সাহিত্য দিৱস হিচাপে পালন কবিব৷ মহানগৰীৰ লংকেশ্বৰত থকা অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বিয়লি ৩ʼ৩০ বজাত এই উপলক্ষে আয়োজিত অনুস্থানত ‘সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িকতাবাদৰ বিপদ’ শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াব বিশিষ্ট নিবন্ধকাৰ ট্ৰেড ইউনিয়ন নেতা শতঞ্জীৱ দাসে৷ আনহাতে ‘জয়ন্তী’ আলোচনীত ইংৰাজ বাওঁপন্থী কবিৰ প্ৰভাৱ ’ৰ বিষয়ে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াই আলোচনা আগবঢ়াব। এই অনুষ্ঠানতে নতুন সাহিত্য পৰিষদৰ মুখপত্ৰ সৃজনৰ অষ্টম সংখ্যাটো উন্মোচন কৰিব সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ৰমেন তালুকদাৰে৷ নিজৰ উপস্থিতিৰে
অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ শুভাকাংক্ষী সকললৈ পৰিষদে আহ্বান জনাইছে।