নৃশংস! দুবছৰীয়া পুত্ৰৰ হত্যা পিতৃৰ, টাৱাঙত সংঘটিত এই ঘটনা…

71

অৰুণাচলৰ টাৱাং জিলাত লোমহৰ্ষক কাণ্ড।

নিজৰ দুবছৰীয়া পুত্ৰক নৃশংসভাৱে হত্যা এজন লোকৰ।

দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা।

জং খাৰছা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অশোক কুমাৰ নামৰ অভিযুক্তজনক।

জানিব পৰা মতে, কুমাৰে ব্ৰিগেড ৰোডৰ ট্ৰাই জংচনৰ সমীপত এখন গেলামালৰ দোকান চলাই আছে।

এই অপৰাধৰ পিছত কুমাৰ পলাতক হোৱাৰ খবৰ পোৱাৰ লগতে বিষয়াসকলে সকলো চেক গেটক সতৰ্ক কৰি দিছিল।

দোষীজনক জিলা আৰক্ষীয়ে আটক কৰি তদন্তত সহায় কৰাৰ বাবে পশ্চিম কামেং আৰু টাৱাঙৰ বাসিন্দাসকলকো কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰাথমিক তদন্ত চলি আছে।