হিন্দুত্ববাদী সংগঠন বজৰং দলৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। গৰু সৰবৰাহকাৰীৰ সন্দেহত ২ জন লোকক জ্বলাই হত্যা কৰাৰ অভিযোগ সংগঠনটোৰ বিৰুদ্ধে।
হাৰিয়ানাৰ পথৰ কাষত এখন জ্বলি থকা গাড়ীত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিৱানীত জ্বলি থকা গাড়ীখনৰ পৰা নাছিৰ (২৫) আৰু জুনাইদ (৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
জ্বলি যোৱা বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ ৰাজস্থানৰ। জুনাইদ আৰু নাছিৰ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, ব্যক্তি দুজনৰ সন্ধানত পৰিয়ালটোৱে এজাহাৰও দাখিল কৰে।
ৰাজস্থানৰ ভাৰতপুৰৰ আই জি গৌৰৱ শ্ৰীবাস্তৱে কয় যে বুধবাৰে পুৱা গাড়ীখন দোকানলৈ নিয়াৰ পিছত নাছিৰ আৰু জুনাইদে ঘৰলৈ উভতি নাহিল।
ইয়াৰ পিছতে ইছমাইল নামৰ পৰিয়ালৰ এজন সদস্যই বজৰংগ দলৰ ছয়জন সদস্যৰ বিৰুদ্ধে গোপালগড় থানাত এজাহাৰ দাখিল কৰে।
পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত যেতিয়া নাছিৰ আৰু জুনাইদৰ ফোনটো ট্ৰেচ কৰা হয়, তেতিয়া ফোনটো চুইচ অফ কৰা হয় বুলি ৰাজস্থান আৰক্ষীৰ বিষয়াগৰাকীয়ে জনায়।
কিন্তু আৰক্ষীয়ে গম পালে যে তেওঁলোক বলেৰ’ গাড়ীত উঠিছে। বৃহস্পতিবাৰে পুৱা হাৰিয়ানাত জ্বলি থকা গাড়ীৰ পৰা উদ্ধাৰ কৰে তেওঁলোকৰ মৃতদেহ।
ভাৰতপুৰৰ আই জিয়ে জানিবলৈ দিয়া মতে, অগ্নিদগ্ধ গাড়ীখন এখন বলেৰ’ আৰু ইয়াৰ পঞ্জীয়ন নম্বৰ ৰাজস্থানৰ।
গাড়ীখনৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ নাছিৰ আৰু জুনাইদৰ মৃতদেহ নেকি সেই কথা স্পষ্ট নকৰিলে গৌৰৱ শ্ৰীবাস্তৱে।
ৰাজস্থান আৰক্ষীৰ এটা দলে নিৰুদ্দেশ হোৱা লোককেইজনৰ পৰিয়ালৰ সদস্যসহ সেই স্থানত উপস্থিত হৈছে। শ্ৰীবাস্তৱে কয় যে মৃতকৰ প্ৰকৃত পৰিচয় মৰণোত্তৰ পৰীক্ষা আৰু ডি এন এ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।
ৰাজস্থান আৰক্ষী বিষয়াগৰাকীয়ে কয় যে অপহৰণৰ অভিযোগত পৰিয়ালে নাম উল্লেখ কৰা বজৰংগ দলৰ ছয়জন সদস্যক গ্ৰেপ্তাৰ কৰা হ’ব।
আটাইকেইজন সন্দেহযুক্ত লোক হাৰিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অৱশ্যে জ্বলোৱাৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই বুলি আই জিয়ে কয়।
যদিও অপৰাধমূলক অভিযোগ আৰক্ষীৰ পঞ্জীত নাছিৰৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও জুনাইদে তেওঁৰ বিৰুদ্ধে গৰু সৰবৰাহৰ পাঁচটা অভিযোগ আছে বুলি দাবী কৰে। ৰাজ্য দুখনৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
মোহিত যাদৱ নামৰ এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে এই ঘটনাৰ আঁৰত বজৰংগ দল জড়িত থকাৰ খবৰটো ভিত্তিহীন।
পৰিয়ালে দাখিল কৰা এফআইআৰত ব্যক্তিজনৰ নাম উল্লেখ আছে। লগতে প্ৰকৃত অপৰাধীয়ে যাতে ৰেহাই নাপায় তাৰ বাবে আৰক্ষীক আবেদন জনায়।