অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল প্ৰতিবাদ, ইটানগৰত ১৪৪ ধাৰা জাৰি…

152

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতাৰে ইটানগৰত তীব্ৰ প্ৰতিবাদ প্ৰাৰ্থীৰ।

শুকুৰবাৰে ইটানগৰৰ ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে।

ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদানৰ চেষ্টা কৰাত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত পৰে।

ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে এই সংঘৰ্ষৰ ভিডিঅ’।

সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰৰ সময়তে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছে।

ইটানগৰৰ আই জি চুখু আপাই নিশ্চিত কৰিছে লাঠিচাৰ্জৰ ঘটনা।

তেওঁ কয় যে, “পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰিছিল আৰু লগতে লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল।”

তেওঁ কয়, “এই সংঘৰ্ষত চাৰিজন নিৰাপত্তাৰক্ষীও আহত হোৱাৰ খবৰ পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।”

আই জিয়ে কয় যে প্ৰতিবাদৰ সময়তো সেই লোকসকলে আইন-শৃংখলা বজাই ৰাখিব লাগিছিল। বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে। প্ৰাৰ্থীসকলে এপিপিএছচিৰ অধ্যক্ষ আৰু নিযুক্তি হ’বলগীয়া নতুন বিষয়াসকলৰ শপত গ্ৰহণ বাতিল কৰিবলৈ দাবী জনাইছে।

সংবাদ সংস্থাটোৰ মতে, প্ৰাৰ্থীসকলৰ দাবী মানি লোৱাৰ লগতে আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলৰ শপতগ্ৰহণ বাতিল কৰা হৈছে। কিন্তু প্ৰতিবাদ সন্দৰ্ভত মাজনিশাৰ পৰা ইটানগৰ ৰাজধানী অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে।