কোভিড ভেকচিন লোৱা সকলৰ বাবে এক ভাল খবৰ আগবঢ়াইছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে। বিভাগটোৰ প্ৰধান সচিবে আজি এক বিবৃতিযোগে জানিবলৈ দি কয় যে কোভিড ভেকচিনৰ দুয়োটা ড’জ যিসকল লোকে গ্ৰহণ কৰিছে, তেওঁলোকে বিমান বন্দৰ বা ৰে’লৱে ষ্টেছনত কোভিড টেষ্ট কৰোৱাৰ প্ৰয়োজন নহয়।
বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰীসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰি অসমত দ্ৰুত গতিত কোভিড ভেকচিনৰ টিকাকৰণৰ কাম আগবাঢ়িছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব গৰাকীয়ে। আনহাতে অসমত ক্ৰমাগতভাৱে কোভিড সংক্ৰমণ হ্ৰাস পাইছে বুলিও তেওঁ জনায়।