নাগালেণ্ডত সেনাৰ অভিযানত গ্ৰেপ্তাৰ বিদ্ৰোহী সংগঠনৰ কেইবাজনো কেডাৰ

126

নাগালেণ্ডৰ ডিমাপুৰত ভাৰতীয় সেনাই পৃথকে পৃথকে চলোৱা অভিযানত নগা বিদ্ৰোহী সংগঠন নিক্কী চুমী আৰু মুইভা গোটৰ ১১জন কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ থিলিক্স’ গাঁৱত নিক্কী চুমী নামৰ বিদ্ৰোহী সংগঠনটোৰ কেডাৰে চাউনী স্থাপন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা যান বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰাৰ পিছতে সেনাই অতৰ্কিত অভিয়ান চলায়।

সেনাই অভিযানকালত কেডাৰ কেইজনৰ পৰা তিনিটা পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলৰ পৰা মাৰণাস্ত্ৰ সৰবৰাহ লগত জড়িত থকাৰ সন্দেহ এজন এন এছ চি এন মুইভা গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰে।