কমলপুৰত উদণ্ড বাইক চালকে মহতিয়াই নিলে দুজনক, এজনৰ মৃত্যু

129

চাংসাৰীৰ পৰা পৱন নীল কাশ্যপৰ প্ৰতিবেদন: কমলপুৰ সমষ্টিৰ অন্তগৰ্ত সোণাপুৰত শনিবাৰে বিয়লি সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু ঘটাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে সোণাপুৰৰ দুৰ্গা মন্দিৰৰ সন্মুখত উদণ্ড বাইক চালকে মহতিয়াই নিয়ে দুজনকৈ লোকক। দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনৰ নাম পিংকু কলিতা বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গুৰুতৰভাৱে আহত ব্যক্তি দুজনক সংকতজনক অৱস্থাত জিএনআৰচিলৈ প্ৰেৰণ কৰা হয় যদিও অৰবিন্দ ডেকা (৫০)ৰ মৃত্যু ঘটে। আনহাতে আহত তপন ডেকা (৪৫)ক চিকিৎসা চলাই থকা হৈছে। দুয়োজনৰে ঘৰ কমলপুৰৰ সোণাপুৰতে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকূল পৰিবেশে বিৰাজ কৰিছে।