আজিৰে পৰা আৰম্ভ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৬-১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে অনুষ্ঠানৰ ।
দেশৰ ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬২৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত। ১৪,১৬,১৮ আৰু ২০ বছৰ অনুৰ্ধৰ খেলুৱৈয়ে ৪টা শাখাত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।
