৩ ৰাজ্যৰ নিৰ্বাচনী তাৰিখ ঘোষণা…

272

উত্তৰ-পূবৰ তিনিখন ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

উত্তৰ-পূবৰ তিনিওখন ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ এক পৰ্যায়ত অনুষ্ঠিত হ’ব।

অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

আনহাতে, ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইফালে উত্তৰ-পূবৰ তিনিওখন ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোটগণনা ২ মাৰ্চত অনুষ্ঠিত হ’ব।

মুখ্য নিৰ্বাচন আয়ুক্তই জনাইছে যে, “আমাৰ দলসমূহে তিনিখন ৰাজ্য (মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা)ৰ একেলগে ৬২.৮ লাখতকৈ অধিক নিৰ্বাচকক সেৱা আগবঢ়াবলৈ সাজু হ’ব ,য’ত ৩১.৪৭ লাখ মহিলা নিৰ্বাচক, ৮০ বছৰৰ ওপৰৰ ৯৭,০০০ ভোটাৰ, আৰু ৩১,৭০০ পিডব্লিউডি ভোটাৰ আছে।

তেওঁ লগতে কয়, “উত্তৰ-পূবৰ তিনিখন ৰাজ্য (মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা)ৰ বিধানসভা নিৰ্বাচনতো ১.৭৬ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিব।”

তিনিখন ৰাজ্য – নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ কাৰ্যকাল ক্ৰমে ১২ মাৰ্চ, ১৫ মাৰ্চ আৰু ২২ মাৰ্চ, ২০২৩ত শেষ হ’ব।

‘আয়োগে ১১-১৫ জানুৱাৰীৰ ভিতৰত তিনিখন ৰাজ্য (মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা) ভ্ৰমণ কৰি বিশদ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। লগতে ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰি তেওঁলোকে উত্থাপন কৰা প্ৰায় সকলো ৰাজ্য-নিৰ্দিষ্ট বিষয় আৰু প্ৰতিখন ৰাজ্যৰ প্ৰসংগভিত্তিক আৰু অনুভূত প্ৰয়োজনীয়তা অনুসৰি স্থাপন কৰিবলগীয়া ব্যৱস্থাসমূহৰ প্ৰতি সঁহাৰি জনাইছে।’-চিইচিয়ে কয়।