মিজোৰামত বৃহৎ আঢ়ৈ কোটি মূল্যৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ মহিলাসহ ৩ সৰবৰাহকাৰীক…

3962

মিজোৰামৰ ২.৫ কোটি টকাৰ হেৰ’ইন ৰখাৰ অভিযোগত দুগৰাকী মহিলাসহ কমেও তিনিজনক আটক কৰিছে নিৰাপত্তা সংস্থাই।

এই কথা বুধবাৰে অসম ৰাইফলছে এক বিবৃতিত অৱগত কৰে।

অসম ৰাইফলছ আৰু মিজোৰামৰ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ যৌথ দলে হেৰ’ইনৰ চালান জব্দ কৰি তিনিওজনক গ্ৰেপ্তাৰ কৰে।

মিজোৰামৰ আইজলৰ বাংকাৱন অঞ্চলত জব্দ কৰি গ্ৰেপ্তাৰ কৰা হয়।

ধৃত ব্যক্তি তিনিজনৰ পৰা মুঠ ৫০৩ গ্ৰাম হেৰ’ইন জব্দ কৰা বুলি আছাম ৰাইফলছে অৱগত কৰে।

জব্দ কৰা হেৰ’ইন চালানটো কমেও ৪০টা চাবোনৰ কেচত লুকুৱাই ৰাখিছিল।

অভিযুক্ত তিনিজন আৰু জব্দ কৰা ২.৫১ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসমূহ অধিক আইনী ব্যৱস্থাৰ বাবে মিজোৰামৰ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগক গতাই দিয়ে।