চাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ সহযোগত মৰিগাঁৱৰ মৈৰাবাৰীৰ কেইবাটাও স্থানত ব্যাপক অভিযান চলায় মুম্বাই ক্ৰাইম ব্ৰাঞ্চে।
সমগ্ৰ দেশতে চাইবাৰ অপৰাধৰ কাৰ্যকলাপৰ আতংকজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই দমন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
মুম্বাই আৰক্ষী আৰু মৰিগাঁও আৰক্ষীয়ে যৌথভাৱে চলায় এই অভিযান।
ইফালে, মৈৰাবাৰী তাঁতীকাটা খেলপথাৰৰ আহিয়া আহমেদ আৰু লেৰুৱামুখ বুলগাৰীৰ অঞ্জাৰুল হক নামৰ দুজন লোকক চিনাক্ত কৰা হৈছে।
মুম্বাই চাইবাৰ গোচৰ নং ৯৫/২৩ ইউ এছ ৪১৯ / ৪২০/ ৪৬৭ / ৪৭১ আই পি চি, আৰ/ডব্লিউ ছেক. ৬৬(চি) /৬৬(ডি), আই টি আইনৰ অধীনত গ্ৰেপ্তাৰ দুজন দোষীক।
ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে বিভিন্ন অভিযানত ১০০০ৰো অধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে।