“মিছন লাইফ”ৰ সৈতে সংগতিৰে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰকৃতি শিক্ষা কাৰ্যসূচী অনুষ্ঠিত

153

মানুহৰ মাজত প্ৰকৃতি অনুকূল দৃষ্টিভংগী সৃষ্টি কৰাৰ উদ্দেশ্য আৰম্ভ কৰা চৰকাৰৰ “মিছন লাইফ” অভিযানৰ সৈতে সংগতি ৰাখি অসম ভিত্তিক অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু অসমৰ বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত মনোমোহা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত যোৱা ১৮ জুলাইত এটা প্ৰকৃতি ভ্ৰমণ (নেচাৰ ৱাক) কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

উইপ্ৰ’ ফাউণ্ডেশ্যন আৰু লিয়া এছ’চিয়েটছ চাউথ এছিয়া প্ৰাইভেট লিমিটেড (লাছা)ৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল বুলি এক প্ৰেছ বিবৃতিযোগে জনোৱা হৈছে।

অংশগ্ৰহণকাৰীসকলক বন্যপ্ৰাণী অভয়াৰণ্যখনৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ লগতে সামগ্ৰিক জৈৱ বৈচিত্ৰ্যক সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ সুযোগ দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল যাতে তেওঁলোকে পৰিৱেশৰ সৈতে জীৱিত প্ৰাণীৰ অবিৰত সম্পৰ্কক অনুভৱ কৰিব পাৰে। ই অংশগ্ৰহণকাৰীসকলৰ মনত প্ৰকৃতি সংৰক্ষণৰ প্ৰতি অনুৰাগ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাৰেংগী হাইস্কুল আৰু নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষককে ধৰি ত্ৰিশজন ব্যক্তিয়ে প্ৰকৃতি ভ্ৰমণত অংশগ্ৰহণ কৰে।

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ অফিচাৰ পৰিনীতা সিঙে অংশগ্ৰহণকাৰীসকলক অভয়াৰণ্যখনৰ বিষয়ে বিতং তথ্য প্ৰদান কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থান আৰু প্ৰকৃতিৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা কৰে। আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে নগৰীয়া ভূদৃশ্যত বন পৰিৱেশতন্ত্ৰৰ গুৰুত্ব আৰু প্ৰকৃতি ভ্ৰমণৰ সময়ত বৃক্ষ আলিংগনৰ দৰে “ফৰেষ্ট থেৰাপী”ৰ ফলপ্ৰসূতাৰ ওপৰত গুৰুত্ব আলোকপাত কৰে।

বিশেষজ্ঞ পক্ষী বিজ্ঞানী ড০ নীলোৎপল মহন্ত, বন্যপ্ৰাণী গৱেষক জিজ্ঞাস বৰুৱা, আৰণ্যকৰ অভিষেক সৰকাৰ আৰু অক্ষয় উপাধ্যায়ে সমল ব্যক্তি হিচাপে প্ৰকৃতি ভ্ৰমণ কাৰ্যসূচীত সহায় কৰাৰ লগতে বন আৰু বন্যপ্ৰাণীৰ পৰিৱেশতন্ত্ৰৰ এক আভাস দিয়ে। “লাছা”ৰ জ্যেষ্ঠ বিষয়া বসন্ত বেজবৰুৱায়ো অনুষ্ঠানত অংশগ্ৰহণ আৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

এই প্ৰকৃতি ভ্ৰমণে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ আৰু চহৰীয়া পৰিৱেশত জৈৱ বৈচিত্ৰ্যৰ বিষয়ে গভীৰ জ্ঞান অৰ্জনৰ সুযোগ দিয়ে । আৰণ্যকৰ বিষয়ববীয়া প্ৰণৱ গোস্বামী আৰু ৱাছিমা বেগমে এই কাৰ্যূচীৰ সমন্বয়কৰ ভূমিকা পালন কৰে।