শ শ লোকে হেৰুৱাব চাকৰি

105

শ শ লোকে হেৰুৱাব চাকৰি।ৰাজ্য চৰকাৰে ৫০% চাকৰি কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।উল্লেখযোগ্য যে এক লাখ নিযুক্তিৰ কথা কোৱা অসম চৰকাৰে বিলুপ্তহে কৰিবলৈ লৈছে খালী হৈ থকা বহু চৰকাৰী পদ ৷ ২০জুলাইত জনতা ভৱনৰ পাৰ্চনেল বিভাগে জাৰি কৰা এখন স্মাৰকপত্ৰত চৰকাৰৰ এই সিদ্ধান্ত পোহৰলৈ আহিছে ৷অসম চৰকাৰৰ পাৰ্চনেল বিভাগে জাৰি কৰা স্মাৰকপত্ৰত উল্লেখ কৰিছে যে, “প্ৰশাসন আৰু শাসনৰ নতুন যুগত অসম চৰকাৰে দক্ষ জনসেৱা প্ৰদানৰ বাবে চৰকাৰী বিষয়সমূহ অধিক বৈজ্ঞানিক, পদ্ধতিগত আৰু সময় বান্ধি ৰখা পদ্ধতিৰে প্ৰক্ৰিয়াকৰণৰ বাবে অধিক গতি প্ৰদান কৰিছে। ই-কাৰ্যালয় আৰু অন্যান্য ই ধৰণৰ প্ৰশাসনিক ব্যৱস্থাৰ প্ৰৱৰ্তনে বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াৰ অপ্ৰয়োজনীয়তাৰ বাবে বিভাগসমূহত কিছুমান পদ অপ্ৰয়োজনীয় কৰি তুলিছে। বিভাগসমূহৰ সেই অপ্ৰয়োজনীয় খালী পদসমূহ নিয়মিতভাৱে বাতিল কৰিব লাগিব ।