ধুবুৰীৰ নাও দুৰ্ঘটনাত চক্ৰ বিষয়া সঞ্জু দাসৰ মৃত্যু পৰিকল্পিত ভাৱে কৰাৰ সন্দেহ সাংসদ বদৰুদ্দিন আজমলৰ

404

বৃহস্পতিবাৰে ধুুবুৰীত নাও দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই এছডিআৰএফ-এনডিআৰএফ বাহিনীয়ে।

শুকুৰবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই নাও দুৰ্ঘটনাৰ উচিত তদন্ত দাবী জনায় সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে।

সঞ্জু দাসৰ মৃত্যু পৰিকল্পতি হোৱাৰো সন্দেহ ব্যক্ত কৰে আজমলে।

ঘটনাত দুখ প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয় যে চক্ৰ বিষয়া সঞ্জু দাস এগৰাকী ভাল ব্যক্তি আছিল। ধুবুৰীত তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিছিল।

দুৰ্নীতি পচন্দ নকৰাৰ বাবেই চক্ৰ বিষয়াগৰাকীক ধুবুৰীৰ পৰা খেদিব বিচাৰিছিল বহু বিষয়া-কৰ্মচাৰীয়ে।

এনে পৰিপ্ৰেক্ষিতত তেওঁৰ নাও দুৰ্ঘটনাত মৃত্যুত সন্দেহ কৰাৰ থল আছে বুলিও মন্তব্য কৰে আজমলে।

তেওঁ কয় যে দুৰ্ঘটনাত পতিত হোৱা ২৯ জনৰ ২৮ জনেই পাৰলৈ উঠি আহিবলৈ সক্ষম হ’ল। কিন্তু এগৰাকী চৰকাৰী বিষয়া অকল নিৰুদ্দেশ হ’ল।

তেওঁ যদি সাঁতুৰিব নাজানি পানীত ডুব গৈ মৃত্যু ঘটিছে তেন্তে ঠিক আছে, কিন্তু অলপ হ’লেও তেওঁৰ মৃত্যুৰ আঁৰত কাৰোবাৰ পৰিকল্পনা থাকিব পাৰে। সেয়ে তাৰ তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে আজমলে।