দেশত 5G ইণ্টাৰনেট সেৱা মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

6376

দেশত মুকলি হ’ল 5G ইণ্টাৰনেট সেৱা।

শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে এই ৫ জি ইণ্টাৰনেট সেৱা।

আই এম চি ২০২২ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত চহৰসমূহত ৫ জি সেৱা মুকলি কৰে।

অহা দুবছৰমানৰ ভিতৰত এই ৫ জি সেৱাই ক্ৰমান্বয়ে সামৰি ল’ব সমগ্ৰ দেশক।

৫ জি সেৱা মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যেই এই হাই স্পীড ইণ্টাৰনেটে এক নতুন অৰ্থনৈতিক সুযোগ আৰু সমাজৰ লাভৰ বাবে এটা নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হ’ব।

ইণ্টাৰনেট সেৱা মুকলিৰ পিছত প্ৰধান টেলিকম অপাৰেটৰ ক্ৰমে ৰিলায়েঞ্চ জিঅ’, ভাৰতী এয়াৰটেল আৰু ভোডাফন আইডিয়াই ভাৰতত ৫ জি প্ৰযুক্তিৰ সম্ভাৱনীয়তা দেখুৱাবলৈ এটা ইউজ কেছ প্ৰদৰ্শন কৰে।