দেওবাৰে পুনৰ ৯খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে…

180

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ কেইবাটাও পথত চলিবলগীয়া ৯ খন বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা মুকলি কৰিব। ইয়াৰ ভিতৰত দক্ষিণ কেন্দ্ৰীয় ৰে’লৱে (এছচিআৰ)ত দুখন সেৱা, পশ্চিম বংগত দুখন সেৱা, লগতে ওড়িশা, গুজৰাট, ৰাজস্থান আদিত এখনকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে।

এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ৰে’লে যাত্ৰীসকলক এক মসৃণ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত দ্ৰুত আৰু সুবিধাজনক ভ্ৰমণৰ বিকল্প প্ৰদান কৰা হ’ব। বিষয়াসকলৰ মতে, বেংগালুৰু আৰু হায়দৰাবাদৰ মাজত কাচেগুডা-য়েশ্বন্তপুৰ ৰে’ল সেৱাই হ’ব দুয়োখন চহৰৰ মাজত যাত্ৰাৰ সময় কম হোৱা আটাইতকৈ দ্ৰুততম ৰে’ল। একেদৰে বিজয়াৱাড়া – এম জি আৰ চেন্নাই চেণ্ট্ৰেল ৰুট ৰে’ল এই পথত প্ৰথম আৰু দ্ৰুততম হ’ব বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

ইফালে, পাটনা-হাওৰা আৰু ৰাঁচী-হাওৰা পথত ২৫টা অতিৰিক্ত বৈশিষ্ট্য থাকিব, ৰে’লখনে প্ৰায় ৬ ঘণ্টা ৩০ মিনিটত ৫৩৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।

বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ অংশ যি ২০১৯ চনত আৰম্ভ হৈছিল। সেই বছৰৰ ১৫ ফেব্ৰুৱাৰীত দিল্লী আৰু বাৰাণসীৰ মাজত প্ৰথমখন ৰে’ল ফ্লেগ অফ কৰিছিল মোদীয়ে। ভাৰতৰ এই প্ৰথমখন থলুৱা ‘ছেমি হাই স্পীড’ ৰে’ল তামিলনাডুৰ চেন্নাইৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰী (আইচিএফ)ত নিৰ্মাণ কৰা হয়।