আজিৰে পৰা মণিপুৰত প্ৰত্যাহাৰ কৰা হ’ব ইন্টাৰনেটত সেৱাৰ ওপৰত থকা নিষেধাজ্ঞাঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

4807

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শনিবাৰে ঘোষণা কৰে যে আজিৰে পৰা ৰাজ্যত ইণ্টাৰনেট নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব। ৩ মে’ত প্ৰথমবাৰৰ বাবে জাতিগত সংঘৰ্ষৰ সূচনা হোৱাৰ পিছতে ৰাজ্য চৰকাৰে সংঘাতপূৰ্ণ ৰাজ্যখনৰ কিছু জিলাত ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

‘ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিত প্ৰভাৱ পেলাব পৰা উৰাবাতৰি আৰু ভিডিঅ’, ফটো, বাৰ্তা বিয়পি পৰাটো ৰোধ কৰাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু আজিৰ পৰা ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই লোৱা হ’ব।’- ইম্ফলত সংবাদমেলত এইদৰে কয় সিঙে।

২২ ছেপ্টেম্বৰৰ পৰা ১৫ দিনৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ যিকোনো ব্যক্তি বা গোটৰ হাতত থকা সকলো অবৈধ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ চৰকাৰে আবেদন জনোৱাৰ এদিন পিছতে এই ঘোষণা কৰা হৈছে।

শুকুৰবাৰে সন্ধিয়া জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে চৰকাৰে এই ১৫ দিনৰ ভিতৰত এনে অবৈধ অস্ত্ৰ জমা দিয়া ব্যক্তিসকলৰ ওপৰত বিবেচনাপূৰ্ণ দৃষ্টিভংগী ল’বলৈ ইচ্ছুক বুলি উল্লেখ কৰে।

“১৫ দিনৰ শেষত নিৰাপত্তা বাহিনী, কেন্দ্ৰ আৰু ৰাজ্য উভয়েই সমগ্ৰ ৰাজ্যতে এনে অস্ত্ৰ উদ্ধাৰৰ বাবে এক শক্তিশালী আৰু ব্যাপক অনুসন্ধান অভিযান চলাব, আৰু যিকোনো অবৈধ অস্ত্ৰৰ সৈতে জড়িত সকলো ব্যক্তিৰ সৈতে কঠোৰ ব্যৱহাৰ কৰা হ’ব।” বিবৃতিটোত কোৱা হৈছে।

“অবৈধ অস্ত্ৰ ব্যৱহাৰ কৰি দুষ্কৃতিকাৰী/গোষ্ঠীয়ে ধন দাবী, ভাবুকি আৰু অপহৰণৰ খবৰ আহিছে। এইটো এটা গুৰুতৰ বিষয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যৰ যিকোনো প্ৰান্তত এনে দুষ্কৃতিকাৰী/গোষ্ঠীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

জনগোষ্ঠীয় সংঘাতৰ ফলত আজিলৈকে ১৭৫ জন লোকৰ মৃত্যু হৈছে, ১১০০ৰো অধিক লোক আহত হৈছে, হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে। চাৰি মহীয়া সংকটৰ সময়ত ৪৭৮৬টা ঘৰ আৰু ৩৮৬টা ধৰ্মীয় স্থান জ্বলাই ভাঙি পেলোৱাকে ধৰি ৫১৭২টা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ ৰাজ্যৰ পৰা মুঠ ৫,৬৬৮টা অস্ত্ৰ-শস্ত্ৰ হেৰুৱাইছে। এই পৰ্যন্ত নিৰাপত্তা বাহিনীয়ে সফলতাৰে ১৩২৯টা অস্ত্ৰ উদ্ধাৰ কৰিছে।