ডিব্ৰু ছৈখোৱা জৈৱমন্ডল সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাত স্থানীয় লোকৰ ভূমিকা গুৰুত্বপূৰ্ণ

222

তিনিচুকীয়া জিলাত থকা তথা প্ৰখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা আন্ত:ৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱসত ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলখনৰ গৰিমা আৰু সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় । ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ পূব আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগ আৰু ডিব্ৰু ছৈখোৱা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল/ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু আৰণ্যকৰ (www.aaranyak.org)ৰ সহযোগত এই দিৱস উদযাপন কৰা হৈছিল ।

দিনজোৰা উদযাপনৰ অংশহিচাপে পুৱা প্ৰকৃতিভ্ৰমণ আৰু মাগুৰি মোটাপুং বিলত পক্ষী নিৰীক্ষণ, জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ প্ৰত্যাহ্বান আৰু মহিলাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা গাওঁসভা আৰু বিশিষ্ট ব্যক্তি আৰু দৰ্শকৰ বাবে মুকলি অধিবেশন অনুষ্ঠিত কৰা হয় । তিনিচুকীয়া টুৰিষ্ট গাইড সংস্থাৰ বিষয়ববীয়া ৰিতুপন শইকীয়া আৰু গুইজান বন্যপ্ৰাণী ৰেঞ্জৰ আৰ এফ অ’ সান্তনা মেধি; ভাৰতীয় পৰ্যটনৰ সমল ব্যক্তি আশ্ৰফ হুছেইন; তিনিচুকীয়া টুৰিষ্ট গাইড সংস্থাৰ সদস্যবৃন্দ; গুইজান ৰেঞ্জৰ বন বিষয়া; আৰণ্যকৰ বিষয়ববীয়া জাকিৰ ইছলাম বৰা, বিদিশা বৰা, ৰিম্পী মৰাণ, ইজাজ আহমদ, তীব্ৰজ্যোতি গগৈ, জিয়াউৰ ৰহমান, ৱাইল্ড ফিডাৰছ, মাগুৰি মোটাপুং বিল জৈৱ- উন্নয়ন সমিতিকে ধৰি জৈৱ- উন্নয়ন সমিতি আৰু বেচৰকাৰী সংস্থা, আত্ম সহায়ক গোট আৰু স্থানীয় লোককে ধৰি ৬১ অংশগ্ৰহণকাৰীয়ে উদযাপনত ভাগ লয় ।

আৰণ্যকৰ বিষয়া ইজাজ আহমেদ আৰু তীব্ৰজ্যোতি গগৈৰ তত্বাৱধানত স্থানীয় লোক আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকৃতি ভ্ৰমণ আৰু পক্ষী নিৰীক্ষণ অধিবেশনত ভাগ লোৱা অংশগ্ৰহণকাৰীসকলে প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ, নৌকা যাত্ৰা আদি কৰাৰ লগতে মাগুৰি বিলত বিভিন্ন পক্ষীৰ ফটো লয় ।

গাওঁ সভা অধিৱেশনত জাকিৰ ইছলাম বৰাই আৰণ্যকৰ বিষয়ে এক চমু পৰিচয় দাঙি ধৰাৰ পাছত বিদিশা বৰা আৰু ৰিম্পী মৰাণে “জৈৱমণ্ডল সংৰক্ষিত বানাঞ্চল : প্ৰত্যাহ্বান আৰু মহিলাৰ ভূমিকা” (Biosphere reserves: Challenges & role of Women) বিষয়ক উপস্থাপন কৰে আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ সংজ্ঞা, ইয়াৰ গুৰুত্ব, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ পাৰ্থক্য, জৈৱমণ্ডল সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ বিভিন্ন ভূমিকা আৰু প্ৰত্যাহ্বান, ভৱিষ্যতৰ ভাবুকি আৰু সংৰক্ষণৰ প্ৰত্যাহ্বান আদি বিষয়ক লৈ আলোচনা কৰা হয়।

মুকলি অধিবেশনত স্থানীয় জনগোষ্ঠীসমূহৰ জীৱিকাৰ বিভিন্ন সুযোগবোৰৰ ওপৰত আলোকপাত কৰা হয় যাতে বনজ সামগ্ৰীৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা যায় । এই সংক্ৰান্তীয় আনুষংগিক চৰকাৰী নীতিৰ ওপৰতো আলোচনা কৰা হয়।

স্থানীয় লোকসকলৰ জীৱিকাৰ লগতে জৈৱমণ্ডলৰ সম্পদৰাজিক সুৰক্ষিত কৰিব পৰা বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে স্থানীয় লোকসকলক জড়িত কৰি কৰা জৈৱমণ্ডলৰ সংৰক্ষণৰ বিষয়ে উপস্থিত লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয় ।