আমাজন গ্ৰেট ইণ্ডিয়া ফেষ্টিভেল ‘ফিনালে ডেজ’ৰ সময়ত আমাজন ফেশ্বনৰ সৈতে এই ধনতেৰাছ আৰু দেৱালী উজ্জ্বল কৰক

1444

ধনতেৰাচ আৰু দীপাৱলী ভাৰতৰ দুটা আটাইতকৈ প্ৰত্যাশিত উৎসৱ হোৱাৰ লগতে অতি উৎসাহ আৰু প্ৰাণৱন্ত ফেশ্বনেৰে সৈতে উদযাপন কৰা হয়৷ ধনতেৰাচৰ সৈতে উৎসৱৰ বতৰ আৰম্ভ হয় আৰু পৰম্পৰাগতভাৱে মানুহে সেই সময়চোৱাত সোণ, ৰূপৰ লগতে অন্যান্য বহুমূলীয়া সামগ্ৰীসমূহ ক্ৰয় কৰে৷ পৰিয়ালসমূহেও উজ্জ্বল পৰম্পৰাগত সাজ-পোছাকত নিজকে সজাই পৰাই তোলাৰ এয়া হৈছে এক অনুষ্ঠান৷ ইয়াৰ পিছতেই পোহৰৰ উৎসৱ দীপাৱলী আহে আৰু এয়া হৈছে আনকি অধিক ভৱ্য অনুষ্ঠান৷ ঘৰবোৰ চাকিৰে আলোকিত কৰা হয় আৰু মানুহে নিজৰ উন্নতমানৰ, দেখনীয়াৰ পোচাক পিন্ধি উদযাপনৰ মনোভাৱক আকোৱালি লয়৷ দীপাৱলীৰ সময়চোৱাত জটিল এম্ব্ৰয়ডাৰী, উজ্জ্বল ৰং আৰু চমকপ্ৰদ আনুষংগিক সামগ্ৰীসমূহে কেন্দ্ৰীয় মঞ্চ লয়, কাৰণ পৰিয়ালসমূহে একত্ৰিত হৈ উপহাৰসমূহ বিনিময় কৰাৰ লগতে আড়ম্বৰপূৰ্ণ খাদ্যসম্ভাৰ উপভোগ কৰে৷ এই উৎসৱসমূহক আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ইয়াত উপস্থিত হৈছে ‘ফাইনেল ডেইজ’-ৰ সৈতে যাতে এই উৎসৱমুখৰ অনুষ্ঠানসমূহত ৰোমাঞ্চকৰ শেষ মুহূৰ্তৰ অফাৰ আৰু ডীলসমূহৰ সৈতে আনন্দ আৰু সৌন্দৰ্য্যৰ অতিৰিক্ত স্তৰ যোগ কৰিব পাৰে৷

এই উৎসৱমুখৰ আমেজ বৃদ্ধি কৰিবলৈ এমাজ’ন ফেশ্বন এণ্ড বিউটি-য়ে ফিউজন ষ্টাইল আৰু ট্ৰেণ্ডৰ এক কল্পনাতীত সংগ্ৰহ আগবঢ়াবলৈ উৎসাহিত হৈ পৰিছে যিয়ে আপোনাৰ ধনতেৰাচ আৰু দীপাৱলী উদযাপনসমূহক আগৰ তুলনাত অধিক উজ্জ্বল কৰি তুলিব৷ আপুনি জনস্য, বিবা, মেবেলাইন, মাইকেল কৰ্ছ, চিঅ’এচআৰএক্স, কউডেলী, লীন’ পেৰ’, চুগাৰ কচমেটিকচ্, বাটা আৰু বহুবোৰৰ দৰে ১২০০+-তকৈ অধিক বিখ্যাত ফেশ্বন আৰু সৌন্দৰ্য্য ব্ৰেণ্ডসমূহৰ পৰা ৪০ লাখ+ শৈলীৰ পৰা বজাৰ কৰিব পাৰে৷

ইয়াতকৈও ৰোমাঞ্চকৰ কথাটো হ’ল যে এমাজ’ন ফেশ্বন আপ ছিজন ৩-ৰ সৈতে পুনৰ ঘুৰি আহিছে লগতে ফেশ্বন আৰু গ্লেমাৰক চৰ্চালৈ লৈ আনিছে! ভূমি পেডনেকাৰ, ছানী কৌশল, ৰোহিত চাৰাফ আৰু বহুতৰে দৰে আপোনাৰ প্ৰিয় অভিনেতাসমূহক চাবলৈ সাজু হওক যিসকলে নিজৰ ষ্টাইল ষ্টেটমেণ্ট আৰু ফেশ্বন ট্ৰেণ্ডসমূহ শ্বেয়াৰ কৰি আছে৷ আপোনাৰ উদযাপনক আৰু অধিক আশ্চৰ্য্যজনক কৰি তুলিবলৈ এমাজ’ন ফেশ্বন এণ্ড বিউটি-ক বিভিন্ন ধৰণৰ ষ্টাইলিছ সাজ-পোছাক আৰু সৌন্দৰ্য্য সামগ্ৰীসমূহৰ বাবে অন্বেষণ কৰক৷