কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গ্ৰন্থত উত্তৰ-পূব ভাৰতৰ গিবন সংৰক্ষণৰ পৰিস্থিতি বিষয়ক অধ্যায়

141

উত্তৰপূব ভাৰতত গিবন সংৰক্ষণৰ বৈচিত্ৰ্যময় পৰিস্থিতিৰ বৰ্ণনা কৰি উত্তৰপূৱৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণাৰ অগ্ৰণী সংস্থা আৰণ্যকৰ জ্যেষ্ঠ “প্ৰাইমেট’লজিষ্ট” ড০ দিলীপ ছেত্ৰীয়ে লিখা প্ৰবন্ধই প্ৰসিদ্ধ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ‘কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ’ৰ এখন সদ্য প্ৰকাশিত গ্ৰন্থত স্থান লাভ কৰিছে ।

ৱেষ্টাৰ্ণ হলৌ বান্দৰ (Hoolock hoolock) আৰু ইষ্টাৰ্ন হলৌ বান্দৰ (Hoolock leuconedy)ৰ সংৰক্ষণৰ বিভিন্ন দিশ সামৰি ড° দিলীপ ছেত্ৰী, ৰেখা ছেত্ৰী আৰু পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই লিখা “Challenges and Prospects in the Conservation of Hoolock Gibbon in India” (ভাৰতত গিবন সংৰক্ষণৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা) শীৰ্ষক অধ্যায়টোক প্ৰাইমেট’লজিষ্ট চুছান এম চেইন, কেৰ’লিন থম্পছন, পেনফ-ফেই ফেন আৰু হেলেন জে চেটাৰ্জীয়ে সম্পাদনা কৰা “গিবন কনজাৰভেশ্যন ইন এন্থ্ৰ’প’চিন” নামৰ গ্ৰন্থখনত স্থান দিয়া হৈছে।

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নগালেণ্ড আৰু মণিপুৰেই ভাৰতৰ সমুদায় হলৌ বান্দৰৰ বাসস্থান আৰু ইহঁতক দিবাং-ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত পোৱা যায়।

“ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ” (IUCN)ৰ মতে, ৱেষ্টাৰ্ণ হলৌ বান্দৰবোৰ বিপন্ন আৰু ইহঁতৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। ইষ্টাৰ্ণ হলৌ বান্দৰক বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে যদিও ইয়াৰ সংখ্যাও ক্ৰমাগতভাবে হ্ৰাস পাইছে।

ড° দিলীপ ছেত্ৰীয়ে কয়, “গৱেষণাৰ পৰা দেখা গৈছে যে বাসস্থানৰ ক্ষতি, খণ্ডিতকৰণ আৰু চিকাৰ আদি উত্তৰ-পূব ভাৰতত গিবনৰ সংখ্যাক প্ৰভাৱিত কৰা প্ৰধান কাৰক। ভাৰত-আমেৰিকাৰ প্ৰাইমেট প্ৰকল্পৰ সময়ত আৰু পিছত উত্তৰ-পূব ভাৰতত শিক্ষা, সজাগতা, প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ, আৰু আৰ্থ-সামাজিক উন্নয়ন প্ৰকল্পৰ জৰিয়তে গিবন সংৰক্ষণৰ বাবে এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। যোৱা দুটা দশকত চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ মাজত সহযোগিতাৰ ফচল উদ্ধাৰ আৰু পুনৰসংস্থাপন, স্থানান্তৰ, সংৰক্ষণ প্ৰজনন কাৰ্যসূচী আৰু সামূহিক-ভিত্তিক সংৰক্ষণৰ দৰে সংৰক্ষণ পদ্ধতিসমূহে এই প্ৰজাতিসমূহৰ অস্তিত্বৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে” ।

তেওঁ লগতে কয়, “শেহতীয়াকৈ কৰা সংৰক্ষিত অঞ্চলৰ ঘোষণাই গিবন আৰু ইয়াৰ বাসস্থানৰ দীৰ্ঘম্যাদী অস্তিত্ব নিশ্চিত কৰিব। আমি অনুভৱ কৰোঁ যে ক’ভিড-১৯ মহামাৰীৰ পিছত সকলো অংশীদাৰে গিবন সংৰক্ষণৰ বাবে কাৰ্য্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে” ।

আৰণ্যকে অসমৰ বন বিভাগ আৰু স্থানীয় লোকৰ প্ৰচেষ্টাত ১৮৮৭ চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰা ৰেলপথে পৃথক কৰা অসমৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ দুয়োফাল প্ৰাকৃতিক চালিৰ দলঙৰ জৰিয়তে সংযোগ কৰাত সফল হৈছে । ফলস্বৰুপে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ দুয়োটা অংশৰ গিবনৰ সংখ্যা একত্ৰিত কৰি গিবনৰ সংৰক্ষণত সহায় কৰা হৈছে।