বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰে, ভাৰত

130

ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিন (৫৭ কিলোগ্ৰাম), নিশান্ত দেৱ (৭১ কিলোগ্ৰাম) আৰু দীপক ভোৰিয়াই (৫১ কিলোগ্ৰাম) শুকুৰবাৰে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰে, যাৰ ফলত ভাৰতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়।আঁঠুৰ আঘাতৰ বাবে হুচামুদ্দিনছে ছেমি ফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাটো দুৰ্ভাগ্যজনক আছিল। বুলগেৰিয়াৰ জে ডিয়াজ ইবানেজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলৰ সময়ত নিজামাবাদৰ ২৯ বছৰীয়া তাৰকাজন আঁঠুত আঘাতপ্ৰাপ্ত হৈছিল। নিশান্তৰ ছেমি ফাইনেল বাউট পুনৰীক্ষণত উপনীত হৈছিল আৰু বিচাৰকসকলে ২০২২ চনৰ এছিয়ান চেম্পিয়ন আৰু ২০১৮ এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী কাজাখস্তানৰ আসলানবেক চিম্বেৰনোভৰ সপক্ষে নিৰ্ণায়ক ৰায় দিছিল।
এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাত ভোৰিয়াক ফ্ৰান্সৰ দুবাৰৰ ব্ৰঞ্জ পদক বিজয়ী বিলাল বেন্নামাই ৪-৩ত পৰাস্ত কৰে। ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অমিত পাংঘালক অগ্ৰাধিকাৰ দিয়াৰ পিছত ভোৰিয়াক দলত নিৰ্বাচিত কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে এক বিবৃতিত কয়, ‘আঘাতৰ বাবে হুচামুদ্দিনে প্ৰতিপক্ষক ৱাকঅভাৰ দিব লগা হৈছিল। তেওঁ ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিব লাগিব। কোৱাৰ্টাৰ ফাইনেল খেলৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু আগলৈ নাখেলিবলৈ পৰামৰ্শ দিয়া হৈছিল।’ হুচামুদ্দিনে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ খেলি আছিল। তেওঁ ছেমি ফাইনেলত কিউবাৰ চেডেল হৰ্টাৰ সৈতে খেলিব লাগিছিল। ভাৰতে অলিম্পিক শ্ৰেণীত তিনিওটা পদক লাভ কৰিছে, যি এছিয়ান গেমছৰ প্ৰস্তুতি শক্তিশালী কৰিব। এছিয়ান গেমছ পেৰিছ অলিম্পিকৰ বাবে প্ৰথম কোৱালিফায়াৰ।
ভাৰতৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০১৯ চনত যেতিয়া পাংঘালে ৰূপ আৰু মনীষ কৌশিকে ব্ৰঞ্জ জিকিছিল।।ইয়াৰ পূৰ্বে বিজেন্দ্ৰ সিং (ব্ৰঞ্জ, ২০০৯), বিকাশ কৃষ্ণ (ব্ৰঞ্জ ২০১১), শিৱ থাপা (ব্ৰঞ্জ, ২০১৫), গৌৰৱ বিধুৰী (ব্ৰঞ্জ ২০১৭), পাংঘাল (ৰূপ ২০১৯), কৌশিক (ব্ৰঞ্জ ২০১৯) আৰু আকাশ কুমাৰে (ব্ৰঞ্জ ২০২১) ভাৰতৰ হৈ পদক জিকিছিল।