আজি মুকলি আকাশৰ তললৈ আহিব দেৱাংগনা কলিতা…

90

অৱশেষত মুকলি আকাশৰ তললৈ আহিব তিহাৰ জে’লত বন্দী অসম কন্যা দেৱাংগনা কলিতা আৰু তেওঁৰ দুই সতীৰ্থ নাতাশা নৰৱাল আৰু আছিফ ইকবাল তনহা। দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ পিছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেৱাংগনা কলিতা আৰু দুই সতীৰ্থৰ জামিন যোৱা ১৫ জুনত দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও আজি এই আবেদনৰ শুনানি খাৰিজ কৰি তিনিওগৰাকী শিক্ষাৰ্থীক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে আজি সন্ধিয়া ৭ বজাৰ ভিতৰত দেৱাংগনা কলিতা, নাতাশা নৰৱাল আৰু আছিফ ইকবাল তনহা তিহাৰ জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব।

উল্লেখ্য যে, দেৱাংগনাৰ মুক্তিৰ খবৰ লাভ কৰাৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ তথা তেওঁৰ সমৰ্থক সকল। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে দেৱাংগনাৰ পিতৃ-মাতৃ অসমৰ পৰা দিল্লীলৈ যাব পৰা নাই বুলিও সাংবাদিকক জানিবলৈ দিয়ে।