ৰিতুৰাজ-ডু প্লেছিছৰ বিস্ফোৰক বেটিং, SRHৰ বিৰুদ্ধে সহজ জয় CSKৰ

83

লক্ষ্য ইমান সহজ নাছিল। লক্ষ্যত উপনীত হবলৈ প্ৰতি অভাৰত প্ৰয়োজন হৈছিল প্ৰায় ৯ ৰানকৈ। কিন্তু, জয়ৰ হাবিয়াস যদি মনত থাকে, তেন্তে লক্ষ্যপ্ৰাপ্তি নিশ্চিত। সেয়াই প্ৰমাণ কৰি দেখুৱালে চেন্নাই চুপাৰ কিংগছে। আইপিএল ২০২১ত একেৰাহে ৫ খনকৈ মেচত জয়লাভেৰে পুনৰ এবাৰ পইণ্ট তালিকাৰ শীৰ্ষত স্থান দখল কৰিলে চিএছকেয়ে।

কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইপিএল ২০২১ৰ ২৩ সংখ্যক খেলখন হাইপ্ৰফাইল আছিল। এফালে যদি ৰাইনা, ধোনী, জাডেজাৰ দৰে বিধ্বংসী বেটছমেন-বলাৰ, আনফালে ৱাৰ্ণাৰ, মণীষ পাণ্ডে, ৰাছিদ খানৰ দৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিধ্বংসী বেটছমেন বলাৰ। খেলখনত প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত মাত্ৰ ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭১ ৰান। কেপ্তেইন ডেভিড ৱাৰ্ণাৰ আৰু মণীষ পাণ্ডেৰ বিস্ফোৰক বেটিঙে দৃষ্টি আকৰ্ষণ কৰে অনুৰাগীৰ।

১৭২ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নামিয়েই বিস্ফোৰক ৰূপ ধাৰণ কৰে চিএছকেৰ বেটছমেনেও। অপেনাৰ ৰিতুৰাজ গাইকোৱাড আৰু ফাফ ডু প্লেছিচৰ সন্মুখত দিকহাৰা হৈ পৰে হায়দৰাবাদাৰ বলাৰ। কেৱল ৪৪টা বলত ৭৫ ৰানৰ দৰ্শনীয় ইনিংছ খেলে ৰিতুৰাজে। ৩৮ বলত ৫৬ ৰান কৰে ডু প্লেছিছে। যাৰ ফলত মাত্ৰ তিনিটা উইকেট হেৰুৱাই খেল নিৰ্ধাৰিত অভাৰলৈ ৯টা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয় চিএছকে। চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ তিনিওটা উইকেট দখল কৰে ৰাছিদ খানে।

আজি দুখনকৈ হাইপ্ৰফাইল মেছ অনুষ্ঠিত হব। বিয়লি ৩.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম ৰাজস্থান ৰয়েলছ আৰু সন্ধিয়া ৭.৩০ বজাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হব কলকতা নাইট ৰাইডাৰ্ছ।