ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ প্ৰশংসনীয়! মণিপুৰ বিজেপিৰ সভানেত্ৰীৰ মুখত কংগ্ৰেছ নেতাৰ প্ৰশংসা

1607

কংগ্ৰেছ কিম্বা বিৰোধী নহয়, এইবাৰ ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ বিজেপি নেতা। মণিপুৰৰ গেৰুৱা শিবিৰৰ ৰাজ্যিক সভাপতি অধিকাৰী ময়ুম শাৰদা দেৱীয়ে কংগ্ৰেছ নেতাগৰাকীক প্ৰশংসা কৰে। পটভূমিত অশান্ত ৰাজ্যলৈ ৰাহুলৰ শান্তি ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া দি প্ৰশংসা কৰে বিজেপি নেত্ৰীগৰাকীয়ে। তেওঁ সাম্প্ৰতিক পৰিস্থিতিত ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ শলাগ লয়। তেওঁ আৰু কয় যে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত কোনো ধৰণৰ ৰাজনীতি হ’ব নালাগে।

বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে উত্তৰ-পূব ৰাজ্যখনৰ শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰি সাম্প্ৰদায়িক হিংসাৰ ফলত স্থানচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰে। অৱশ্যে ইম্ফলৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ নিলগত তেওঁৰ কনভয়টো বাধাপ্ৰাপ্ত হয়। অৱশ্যে হেলিকপ্টাৰেৰে ৰাহুলে চুৰাচান্দপুৰত উপস্থিত হয়। তেওঁ বিষ্ণাপুৰ শৰণাৰ্থী শিবিৰলৈ গৈ জাতিগত হিংসাৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ সৈতেও সাক্ষাৎ কৰে। কংগ্ৰেছ নেতাৰ মণিপুৰ ভ্ৰমণে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰাৰ পাছতো ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে, চৰকাৰে মোক বাধা দিলেও মণিপুৰৰ ৰাইজে মোক আদৰি লৈ মৰম দিলে। মণিপুৰক নিৰাময়ৰ প্ৰয়োজন। শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে।

শনিবাৰে সংবাদ সংস্থা এএনআইৰ আগত শাৰদা দেৱীয়ে কয়, ‘বৰ্তমানৰ পৰিস্থিতিত ৰাহুল গান্ধীৰ ৰাজ্য ভ্ৰমণৰ শলাগ লৈছো। কিন্তু পৰিস্থিতিৰ সমাধান আৰু শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। এইটো ৰাজনীতি হ’ব নালাগে।” অৱশ্যে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক সমালোচনা কৰিছে বিজেপিৰ কেইবাজনো নেতাই। তাৰে এজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মণিপুৰত বিদ্যমান বিভাজন তীব্ৰতৰ কৰিবলৈ ৰাজনৈতিক নেতাৰ সলনি সহানুভূতিৰ প্ৰয়োজন বুলিও তেওঁ কয়। যদিও মণিপুৰৰ বিজেপি মুৰব্বীগৰাকীয়ে নিজেই প্ৰশংসা কৰে কংগ্ৰেছ নেতাগৰাকীক।

যোৱা দুমাহ ধৰি জ্বলি আছে মণিপুৰ। গৃহমন্ত্ৰী অমিত শ্বাহ অলপতে তাত ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ উন্নতি হোৱা নাই। তাত শান্তি ঘূৰাই অনাৰ চেষ্টা চলাইছে প্ৰশাসনে। বিৰোধীৰ অহৰহ আক্ৰমণৰ সন্মুখীন হৈ যোৱা শনিবাৰে শ্বাহে সৰ্বদলীয় বৈঠক আহ্বান কৰে। মেইটেই-কুকী সংঘাতত এতিয়ালৈকে মণিপুৰত ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।