গুৱাহাটী , ২৬ জুলাই :মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলৰ কাষৰীয়া সজনপাৰা – বঙৰা সংযোগী পথৰ জবেত দেওবাৰে পুৱা ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আৰু সজনপাৰা খণ্ড বন কাৰ্য্যালয়ৰ বনকৰ্মীৰ দলে গোপন সূত্ৰৰ পম খেদি এখন নম্বৰ প্লেট বিহীন মাৰুটি ভানত কৌশলেৰে অনা অৱস্থাত চোৰাং কাঠ জব্দ কৰে । অৱশ্যে বনকৰ্মীৰ দল দেখি চালক জন ভানখন ৰখাই পলাই যাবলৈ বাধ্য হয় ।ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বৰ্মনে জানিবলৈ দিয়া মতে মাৰুটি ভানৰে চোৰাং কাঠ সৰবৰাহ হব বুলি গোপন সূত্ৰে জানিব পাৰি সজনপাৰাৰ খণ্ড বন বিষয়া বাবুল কোঁৱৰৰ নেতৃত্বত দুয়োটা বন কাৰ্য্যালয়ৰ এটা বনকৰ্মীৰ দল শনিবাৰে মাজনিশাৰ পাছত অঞ্চলটোত তহল দি আছিল । পুৱা প্ৰায় ৫ বজাত মাৰুটি ভান খন জবেত দেখাৰ লগে লগে বনকৰ্মীৰ দলে ভানখন ৰখাবলৈ সক্ষম হয় । জব্দ কৰা আহু কাঠখিনিৰ বজাৰ মূলা প্ৰায় ২০ হাজাৰ টকা হব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ । উল্লেখযোগ্য যে বিগত এটা মাহত ৰাণী বন কাৰ্যালয়ে চোৰাং কাঠ সৰবৰাহ কৰা মুঠ তিনিখন লঘু বাহন জব্দ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে ৰাণী বনাঞ্চলত প্ৰয়োজনতকৈ বনকৰ্মীৰ সংখ্যা বহু কম হোৱা বাবে বনৰীয়া হাতীৰ উপদ্ৰপৰ ৰাইজক ৰক্ষা কৰা বা দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সম্মুখীন হব লগা হৈছে ।