ৰাজনেতা বা চিনেমাৰ অভিনেতাতকৈও বেছি জনপ্ৰিয় অসমৰ এগৰাকী IPS বিষয়া আনন্দ মিশ্ৰ

74

পংকজ তৰুণ

ৰাজনৈতিক নেতা অথবা চিনেমাৰ অভিনেতাতকৈও অধিক জনপ্ৰিয় এগৰাকী আইপিএছ বিষয়া। যি অঞ্চলতে দায়িত্ব লাভ কৰে, তাতেই মানুহৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হয় তেওঁ। কঠোৰ অথচ শান্ত মুখখনে সহজতে আকৰ্ষণ কৰে সকলোৰে মন। নিজৰ কৰ্তব্যৰ প্ৰতিও তেওঁৰ দায়বদ্ধতা অনেক। অপৰাধৰ বিৰুদ্ধে তেওঁ গ্ৰহণ কৰা নিৰ্ভীক পদক্ষেপৰ বাবেই আজি তেওঁ ৰিয়েল সিংঘম হিচাপেও পৰিচিত। তেওঁৰ সুমধুৰ ভাষণ শুনিবলৈ বাট চাই ৰয় অগণন জনতা। কিন্তু তেওঁ ৰাজনৈতিক নেতা নহয়, তেওঁ এগৰাকী আৰক্ষী বিষয়া। নাম তেওঁৰ আনন্দ মিশ্ৰ।

ধুবুৰী জিলাত আৰক্ষী অধীক্ষকৰূপে ১০ মহীয়া কাৰ্যকাল সম্পন্ন কৰাৰ পিছত যেতিয়া তেওঁক নগাঁৱলৈ বদলি কৰা হল, তেতিয়াও শোকত ভাগি পৰিল ধুবুৰীবাসী। কোৰোনা কালৰ মাজতো শতাধিক লোক ৰাজপথলৈ ওলাই আহিল তেওঁৰ বাবে। সকলোৰে দাবী মাত্ৰ এটাই- আনন্দ মিশ্ৰৰ বদলিৰ নিৰ্দেশ স্থগিত ৰখা হওঁক।

১০ মাহ পূৰ্বে অপৰাধৰ ৰম্যভূমি আছিল ধুবুৰী। সীমান্তৱৰ্তী অঞ্চলটোত অবৈধ গৰুৰ সৰবৰাহকে ধৰি ড্ৰাগছৰ ব্যৱসায়, কয়লা-বালিৰ চিণ্ডিকেটৰাজে ধুবুৰীক অপৰাধৰ ঘাটীলৈ পৰিবৰ্তন কৰিছিল। কিন্তু ২০২০ চনৰ জুলাই মাহত সেই জিলাখনলৈ আৰক্ষী অধীক্ষকৰূপে বদলি হৈ আহে আইপিএছ বিষয়া আনন্দ মিশ্ৰ। দায়িত্ব গ্ৰহণ কৰিয়েই অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰতকৈও কঠোৰ হৈ পৰে তেওঁ। ইটোৰ পিছত সিটো চিণ্ডিকেটৰাজৰ অৱসান ঘটাই ধুবুৰীক অপৰাধমুক্ত কৰাত আগভাগ লয় আনন্দ মিশ্ৰই।

অপৰাধ নিয়ন্ত্ৰণৰ সমান্তৰালভাৱে জনতাৰ প্ৰকৃত সেৱাতো যেন সমানেই গুৰুত্ব দিয়ে তেওঁ। সাধাৰণ জনতাৰ সৈতে তেওঁৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ, মুখৰ হাঁহিটোৰে পুলিচ বুলি কলেও ভয়ত সাত জাপ মৰা সকলোৰো হৃদয়ত নিগাজি স্থান দখল কৰিবলৈ সক্ষম হল। তেওঁ যেন এগৰাকী আৰক্ষী বিষয়াই নহয়, কাৰোবাৰ বাবে পুত্ৰ, কাৰোবাৰ বাবে ভাই আৰু কাৰোবাৰ বাবে বন্ধু।

২০১১ বেটছৰ আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ প্ৰকৃত ঘৰ বিহাৰৰ ভোজপুৰ জিলাত। কিন্তু তেওঁৰ পঢ়া শুনা সম্পন্ন হয় কলকতাত। আইপিএছ বিষয়া হোৱাৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ অসামৰিক বাহিনীতো ৫ বছৰ দায়িত্ব সম্পন্ন কৰিছিল। ২০১৭ চনত তেওঁৰ নিযুক্তি হয় অসমত। চৰাইদেউ জিলাত ডেৰ বছৰ আৰক্ষী অধীক্ষকৰূপে দায়িত্ব সম্পন্ন কৰাৰ সময়তো সাধাৰণ জনতাৰ অতি আপোন হৈ পৰিছিল আনন্দ মিশ্ৰ।

সময় পালেই তেওঁ হাতত গীটাৰখন লৈ গান গুণগুনাবলৈ ভাল পায়। তেওঁ কবিতা লিখে। বাইক ৰাইডিং তেওঁৰ নিচা। তেওঁৰ কৰ্ম এগৰাকী সুদক্ষ আৰক্ষী বিষয়াৰ, কিন্তু তেওঁৰ নিচা এজন সাধাৰণ ৰোমাণ্টিক যুৱকৰ দৰে। সেয়ে তেওঁক ভাল পায় সকলোৱে। সেয়ে ধুবুৰীৰ পৰা আজি তেওঁক বিদায় দিব বিচৰা তেওঁৰ বাবে নিৰাপত্তা অনুভৱ কৰা, তেওঁক হৃদয়ৰ পৰা ভালপোৱা মানুহবোৰে।

আমি বিচাৰো, আইপিএছ আনন্দ মিশ্ৰৰ দৰে হওঁক অসমৰ প্ৰতিগৰাকী আৰক্ষী বিষয়া।