৬ মাহৰ বাবে অসমক ‘অশান্ত অঞ্চল’ ঘোষণা…

101

অসমত আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত ৰাজ্য চৰকাৰে সমগ্ৰ অসমক ৬ মাহলৈকে “অশান্ত অঞ্চল” হিচাপে ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ এই নিৰ্দেশ ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব। সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮-ৰ ধাৰা ৩-ৰ অধীনত প্ৰদান কৰা ক্ষমতা অনুসৰি এই ঘোষণা কৰা হৈছে।

১৯৯০ চনৰ নৱেম্বৰত অসমত এই আইন জাৰি কৰা হৈছিল। অন্তিম সম্প্ৰসাৰণৰ বাবে নিৰ্দেশ ২০২১ চনৰ ছেপ্টেম্বৰত জাৰী কৰা হৈছিল আৰু ২৮ আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল।

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমত ইয়াৰ সৰ্বনিম্ন ১৫ টা বিদ্ৰোহৰ ঘটনা সংঘটিত হৈছিল।