৩০ জুলাইত ঘোষণা কৰা হব মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

112

গুৱাহাটীঃ অহা ৩০ জুলাইত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। আজি ছেবাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে এই কথা ঘোষণা কৰে ছেবাই। উল্লেখ্য যে, ৩১ জুলাইৰ পূৰ্বে হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ ছেবাক নিৰ্দেশ দিছিল শিক্ষা বিভাগে। তাৰ পিছতে অনুষ্ঠিত হৈছিল ছেবাৰ বৈঠক।

মূল্যাংকণ পদ্ধতিৰে ঘোষণা কৰিবলগা দুয়োটা পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে এছএমএছ যোগে লাভ কৰিব বুলি জানিবলৈ দিয়ে ছেবাই। তদুপৰি পৰীক্ষাৰ ফলাফল সমূহ বিদ্যালয়লৈ পিডিএফ ফাইলৰূপে প্ৰেৰণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে, কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে চলিত বৰ্ষত বাতিল হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে মূল্যাংকণ পদ্ধতিৰে এইবাৰ ফলাফল নিৰ্ণয় কৰিছে ছেবাই।