১৪ ফেব্ৰুৱাৰীৰ ভিতৰত মাজুলীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে

112

অহা ১৩ বা ১৪ ফেব্ৰুৱাৰীত মাজুলী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পূৰ্বে, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ঘোষণা কৰিছিল যে তেওঁৰ দলে মাজুলী বিধানসভা সমষ্টিৰ বাবে আগন্তুক উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদক (এজেপি) সমৰ্থন কৰিব।

মাজুলীত উপ-নিৰ্বাচন ৭ মাৰ্চত অনুষ্ঠিত হ’ব। আনহাতে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৭ ফেব্ৰুৱাৰী। ইফালে, ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ’ব।

যোৱা বছৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পিছত মাজুলী আসনখন খালী হৈ আছিল।