হজৰত মহম্মদৰ কাৰ্টুন দেখুওৱাৰ বাবে ৰাজপথত আল্লাহ হ’ অকবৰ দি হত্যা শিক্ষকক

45

ডিজিটেল ডেস্কঃ শ্ৰেণীকোঠাত ধৰ্মনিৰপেক্ষতাৰ শিক্ষা দি হজৰত মহম্মদৰ কাৰ্টুন দেখুওৱাৰ বাবে ৰাজপথত ডিঙি কাটি হত্যা কৰা হ’ল এগৰাকী শিক্ষকক। ফ্ৰান্সৰ ৰাজধানী পেৰিছত সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চেমুৱেল পেটী নামৰ ইতিহাসৰ শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত ধৰ্ম নিৰপেক্ষতাৰ শিক্ষা দিয়া সময়ত ইছলাম ধৰ্মগুৰু হজৰত মহম্মদৰ এখন কাৰ্টুন প্ৰদৰ্শন কৰিছিল। তাৰ পিছতে শিক্ষকজন বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত এটা দুৰ্বৃত্তৰ দলে পথ অৱৰোধ কৰি শিক্ষকগৰাকীক ডিঙি কাটি হত্যা কৰে। সেই সময়ত ওচৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোলৈ গুলীবৰ্ষণ কৰে যদিও পলায়ন কৰিবলৈ সক্ষম হয়।

ফ্ৰান্স আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্বৃত্তৰ দলটোৱে হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত ‘আল্লা হ’ আকবৰ’ ধ্বনি দিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৪ জনক আটক কৰিছে। আৰক্ষীয়ে আটক কৰা কেইজনৰ মাজত এজন নাবালকো আছে। ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাই দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে।