স্বাস্থ্যখণ্ডৰ ২০২০-২১ বৰ্ষৰ “কায়কল্প বঁটা” ঘোষণা, চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়ৰ প্ৰথম স্থান

173

ঋতু পৰ্ণ শৰ্মা, নগাঁও : সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক ভিত্তিত স্বাস্থ্যখণ্ডৰ ২০২০-২১বৰ্ষৰ “কায়কল্প বঁটা” নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়ে প্ৰথম স্থান লাভ কৰিছে । লগতে মৰিগাঁও জিলাৰ অন্য ৩খন চিকিৎসালয় আৰু ১ খন স্বাস্থ্য উপকেন্দ্ৰই এই বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

গৌৰৱ কঢ়িয়াই অনা অন্য চিকিৎসালয় ৩খন হৈছে নখোলা আদৰ্শ চিকিৎসালয়, মৈৰাবাৰী এফ আৰ ইউ-সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আৰু লাহৰীঘাট আদৰ্শ চিকিৎসালয় তথা একমাত্ৰ লাহৰীঘাটৰ ধূপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ।

উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নীতি অনুসৰি পৰিষ্কাৰ- পৰিচ্ছন্নতা, বিষয়া-কৰ্মচাৰীৰ জ্ঞানৰ পৰিপক্কতা, নিয়মানুৱৰ্তিতা, চিকিৎসালয়ৰ নিৰ্দেশনা চিহ্ন তথা সংৰক্ষণ আদিকে ধৰি বিভিন্ন শিতানত সুক্ষ্ম নিৰীক্ষণৰে তৃতীয় পক্ষৰ বিশেষজ্ঞ মহলৰ হতুৱাই কৰোৱা মূল্যায়ণ ব্যৱস্থাটোকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে নামাংকিত কৰা “কায়কল্প বঁটা-২০২১”ত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়খনে ৰাজ্যিক ভিত্তিত প্ৰথম স্থান দখল কৰিছে ।

স্বাস্থ্য বিভাগে জিলা অসামৰিক চিকিৎসালয়,মহকুমা সামূহিক স্বাস্থ্য কেন্দ্ৰ,প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ পৰ্যায়ত চলোৱা হয় এই সমীক্ষা । এই সমীক্ষাত চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰই চূড়ান্ত স্ক’ৰ ৯৫.৯ লাভ কৰাৰ লগতে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি স্বাস্থ্য বিভাগৰ পৰা ১৫ লাখ টকা লাভ কৰে । একেদৰে নখোলা আদৰ্শ চিকিৎসালয়ে ৮৩.২,মৈৰাবাৰী এফ আৰ ইউয়ে ৮২.৭ আৰু লাহৰীঘাট আদৰ্শ চিকিৎসালয়ে ৭৫ স্ক’ৰ লাভ কৰাৰ লগতে এক লাখ টকা লাভ কৰে ।ইপিনে লাহৰীঘাটৰ ধূপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই ৮৫.২ স্ক’ৰ লাভ কৰাৰ লগতে ৫০ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হয় ।