সীমা সমস্যা সমাধান সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক

120

গুৱাহাটীঃ সীমা সমস্যাৰ বাবে যাতে লাইলাপুৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি সচেতন হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। অসম-মেঘালয়ৰ সীমা সমস্যা সমাধান সন্দৰ্ভত আজি গুৱাহাটীত এখন মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াই অংশ লয়।

গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকখনত যোৰাবাট, পিলিংকাটা আৰু লাংপিৰ লগতে আন কিছু ঠাইত দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰী দুগৰাকীয়ে। বৈঠকত অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ইউ জি ব্ৰহ্ম, সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মেঘালয়ৰ ৭ গৰাকী মন্ত্ৰী উপস্থিত থাকে।