সাময়িকভাৱে স্থগিত মেট্ৰিক পৰীক্ষাৰ মূল্যায়ণ, কাৰণ…

111

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নত পুনৰ বেমেজালিৰ সন্মুখীন ছেবা। পূৰ্বে ভাল ৰিজাল্টৰ বাবে ধনৰ লেনদেনৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছত এইবাৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰক লৈ বিপাঙত পৰিছে মাধ্যমিক শিক্ষা পৰিষদ। যাৰ বাবে মেট্ৰিক পৰীক্ষাৰ মূল্যায়ন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই।

জানিব পৰা মতে, কাছাৰৰ ৯২ খন এনে বিদ্যালয় আছে য’ত যোৱা তিনিটা বৰ্ষত এগৰাকীও শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰা নাছিল। কিন্তু এইবাৰ সেই শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা বহু পৰিমাণৰ শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰাৰ মূল্যায়ন বিদ্যালয় কৰ্তৃপক্ষৰ পৰা লাভ কৰাৰ পিছতে দুশ্চিন্তাত পৰিছে ছেবা। এনে ধৰণৰ বেমেজালি অন্য বিদ্যালয় সমূহতো হোৱাৰ আশংকা কৰি এতিয়া সাময়িকভাৱে মূল্যায়ন স্থগিত ৰখাৰ ঘোষণা কৰিছে ছেবাই। অতি শীঘ্ৰে মূল্যায়নৰ গাইডলাইন সন্দৰ্ভত জাননী জাৰি কৰা হব বুলিও জানিব পৰা গৈছে।