সকলো স্কুল বাছতে লগাব লাগিব চিচিটিভি কেমেৰাঃ নিৰ্দেশ পৰিবহন বিভাগৰ

323

অসম পৰিবহণ বিভাগে সোমবাৰে চৰকাৰী-বেচৰকাৰী বিদ্যালয় কৰ্তৃপক্ষক সকলো স্কুল বাছত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যৰ স্কুল বাছ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনা গৃহীত কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে।

বিভাগে জনোৱা মতে, চিচিটিভি কেমেৰাসমূহ বিদ্যালয় কৰ্তৃপক্ষই নিজেই নিৰীক্ষণ কৰিব লাগিব।

ইয়াৰ উপৰিও সকলো বাছতে জিপিএছ ডিভাইচ স্থাপন কৰাৰ লগতে বাধ্যতামূলকভাৱে প্ৰাথমিক চিকিৎসাৰ কিট ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয় কৰ্তৃপক্ষক সকলো নিৰ্দেশ মানি চলিবলৈ কঠোৰভাৱে কোৱা হৈছে। যিকোনো নিৰ্দেশ উলংঘা কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলি সতৰ্ক কৰি দিয়া হৈছে।