শহুৰেকৰ ঘৰলৈ আহি চুৰি কৰিলে বাইক, আটক চোৰক

82

সোমবাৰৰ সন্ধিয়া নগৰবেৰাত কোভিড প্ৰটকল ভাঙি ৰাজপথলৈ ওলাল কেইবাশতাধিক লোক। বাইক চোৰ ধৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ধৃত বাইক চোৰক উত্তম-মধ্যম শোধালে ৰাইজে। ৰাইজৰ প্ৰহাৰৰ পৰা চোৰক বচাবলৈ গৈ দবৰাদবৰিত বাগৰি পৰিল আৰক্ষীও।

চোৰে নেৰে চৌৰ্যবৃত্তি। শহুৰেকৰ গাঁৱতো চোৰ জোঁৱাইৰ চুৰিকাৰ্যৰ আখৰা। ধৃত চোৰটোৰ নাম ৰিজু আলী, ঘৰ ধুবুৰীৰ লক্ষীপুৰ অঞ্চলত, দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পলাহৰটাৰীত শহুৰেকৰ ঘৰ। বেয়া ৰাস্তাৰ বাবে পলাহৰটাৰীৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ কৰ্মচাৰী নজৰুল ইছলামে কিছু দূৰত AS25-N-0878 নম্বৰৰ পালছাৰ বাইকখন ৰখাই কিছু দূৰত থৈ গৈছিল বিদ্যালয়লৈ। গাঁৱৰ জোঁৱাই ৰিজু আলীয়ে দিন দূপৰতে অইন মানুহ নেদেখি উধাও হয় বাইকখন লৈ।