লিংকন ফাৰ্মাই মুকলি কৰিলে ভিটামিন ছি+জিংক টেবলেট

107

সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লিংকন ফাৰ্মাচিউটিকেলছ্ লিমিটেডে ভাৰতৰ বজাৰত ভিটামিন ছি+জিংক টেবলেট মুকলি কৰিছে৷ টেবলেটটো জিংক সংমিশ্ৰিত হোৱাৰ লগতে প্ৰাকৃতিক ইমিউনিটি সংমিশ্ৰিত যিটোৱে এন্টিভাইৰেল কাৰ্য্যকলাপত আৰু কভিড-১৯ ৰ পৰা সুৰক্ষা দিয়ে৷ ভাৰতৰ বজাৰত ভিটামিন ছি আৰু জিংক টেবলেটৰ আনুমানিক মূল্য ১৫০ কোটি হোৱাৰ লগতে প্ৰতি বছৰে ১৫ শতাংশকৈ বৃদ্ধি পাই আহিছে ৷
লিংকন ফাৰ্মাচিউটিকেলৰ সঞ্চালক আশিস আৰ পেটেলে কয় যে, কভিড-১৯ মহামাৰীয়ে আতংক সৃষ্টি কৰি থকা সময়ত এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ইমিউনিটিৰ বৃদ্ধি কৰাটোৱে একমাত্ৰ উপায়৷ ভিটামিন ছি আৰু জিংক টেবলেট মানুহৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এইটো মুকলিৰ লগে লগে ৬০০তকৈ অধিক ফৰ্মুলেশ্বনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লক্ষ্য হাতত লৈছো৷ এই টেবলেটসমূহ চৰ্ব্ব্য ৰূপত উপলব্ধ, পেডিয়াট্ৰিক ৰোগীক আৰু ভ্ৰমণকাৰী ৰোগীসকলৰ বাবে এইবিধ টেবলেট সুবিধাজনক যিহেতু সকলো সময়তে পানীৰ সুবিধা নাথাকিলে এনে ধৰণৰ চৰ্ব্ব্য আৰু সোৱাদযুক্ত টেবলেট বহু উপকাৰী হয়।