লখিমপুৰ খেৰী কাণ্ডঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ জামিন আবেদনৰ বিৰোধিতা উত্তৰ প্ৰদেশ চৰকাৰৰ…

225

২০২১ চনৰ অক্টোবৰ মাহৰ লখিমপুৰ খেৰী হিংসা কাণ্ডৰ অন্যতম অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষৰ জামিন আবেদনৰ উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে বিৰোধিতা কৰে উত্তৰ প্ৰদেশ চৰকাৰে।

উত্তৰ প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা গৰিমা প্ৰসাদে ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জে কে মহেশ্বৰীৰ বিচাৰপীঠৰ আগত কয় যে অপৰাধটো গুৰুতৰ।

‘এয়া এক গুৰুতৰ আৰু জঘন্য অপৰাধ আৰু ই সমাজলৈ ভুল সংকেত দিব।’

লখিমপুৰ খেৰীৰ হিংসা গোচৰৰ সৈতে জড়িত আশীষ মিশ্ৰই জামিন অস্বীকাৰ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ সংৰক্ষিত কৰে।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এফআইআৰৰ মতে, চাৰিজন কৃষকক এখন এছ ইউ ভিৰ দ্বাৰা মহটিয়াই নিয়া হৈছিল, য’ত আশীষ মিশ্ৰক বহিছিল। ঘটনাৰ পিছতে এজন চালক আৰু দুজন বিজেপি কৰ্মীক ক্ষুব্ধ কৃষকে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে। এই হিংসাত্মক ঘটনাত এগৰাকী সাংবাদিকৰো মৃত্যু হয়।