মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাত শুকুৰবাৰে পুৱা সংঘটিত হোৱা ব্যাপক ভূমিস্খলনত এজন শিশুসহ কমেও চাৰিজন লোক নিহত হয়।
শুকুৰবাৰে পুৱা মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰা চহৰৰ ভূমিস্খলনৰ ফলত তেওঁলোকৰ ঘৰত শুই থকা অৱস্থাত নিহত হয় এটি পৰিয়াল।
নিহত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
নিহত তিনিজন ব্যক্তি য়াংকিম চাংমা (৪), গামচিয়া চাংমা (২০) আৰু টেংকাম চাংমা (৩১) বুলি চিনাক্ত কৰা হৈছে।
মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ চিজু গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে সুকীয়া ভূমিস্খলনৰ ঘটনাত আন এগৰাকী মহিলাও নিহত হয়।
তদুপৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিবিনাং অঞ্চলতো কমেও চাৰিটা শিশু নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
ইফালে, নিৰুদ্দেশ হোৱা শিশুকেইটাৰ সন্ধান উলিয়াবলৈ মেঘালয়ত আৰক্ষীয়ে তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হোৱা চাৰিটা শিশুৰ বয়স ৮-১০ বছৰৰ ভিতৰত।
বৃহস্পতিবাৰে মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ লাইটলাৰেমত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়, ভূমিস্খলনৰ ফলত চাৰিটা শিশুৰ মৃত্যু হয়।
বৃহস্পতিবাৰে পুৱা চাৰিটা শিশুৰ থকা ঘৰটো ভাঙি পৰাত মৃত্যু হয়।