মাতৃক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি দুমাহ ধৰি মৃতদেহৰ সৈতে বাস কৰিল কন্যাই, গ্ৰেপ্তাৰ

81

বুধবাৰে মুম্বাই আৰক্ষীয়ে লালবাউগস্থিত তেওঁলোকৰ ঘৰত মাতৃক হত্যা কৰি টুকুৰা-টুকুৰ কৰি পেলোৱাৰ অভিযোগত এগৰাকী ২৪ বছৰীয়া যুৱতীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে এই কাণ্ড পোহৰলৈ অহালৈকে ৰিম্পল জৈন নামৰ কন্যাগৰাকীয়ে দুমাহৰো অধিক সময় ঘৰটোত মাতৃৰ মৃতদেহৰ সৈতে থাকিছিল।

আৰক্ষীয়ে নিহত মহিলাগৰাকীক বীনা প্ৰকাশ জৈন (৫৫) বুলি চিনাক্ত কৰিছে। আগতে তেওঁ স্বামী আৰু ৰিম্পলৰ লগত ভিৰাৰত থাকিছিল। ১৬ বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত লালবাউগৰ ইব্ৰাহিম কাছাৰ চাউললৈ স্থানান্তৰিত হয়। জৈনৰ দুজন ভাতৃ আৰু পাঁচগৰাকী ভগ্নী আছিল।

মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে জনোৱা মতে, বীনাৰ এগৰাকী ভতিজীয়ে মাহেকীয়া খৰচৰ বাবে ধন দিবলৈ লালবাউগৰ ঘৰলৈ গৈছিল। “যেতিয়া ৰিম্পলে দুৱাৰখন খোলা নাছিল, তেতিয়া ভতিজীয়ে ওচৰ-চুবুৰীয়াৰ পৰা সিহঁতৰ বিষয়ে সোধা-পোছা কৰিলে…. তেওঁক কোৱা হৈছিল যে বীনাক দুমাহতকৈ অধিক সময় দেখা হোৱা নাই।’-আৰক্ষী উপাযুক্ত (চতুৰ্থ জ’ন) প্ৰবীণ মুণ্ডে কয়।

তেওঁ লগতে কয়, “ভতিজীয়ে মাক আৰু এগৰাকী পেহীয়েকক খবৰ দিলে, যিগৰাকী লালবাউগ ঘৰলৈ গ’ল। দুৱাৰত টুকুৰিয়াই থকাৰ সময়তে ৰিম্পলে কিছু সময়ৰ পিছত দুৱাৰখন খুলি দিলে যদিও অলপ পিছতে বন্ধ কৰি দিলে।”

ইয়াৰ পিছতে বীনাৰ কিছু আত্মীয়ই জোৰকৈ ঘৰৰ ভিতৰলৈ সোমাই যায়।

‘ৰিম্পলে তেওঁলোকক কোৱা বুলি অভিযোগ উঠিছে যে বীনা কানপুৰত আছে। আত্মীয়ই ৰিম্পলক কলাচৌকি থানালৈ লৈ যায়, য’ত বীনাৰ ডাঙৰ ভাতৃ সুৰেশকুমাৰ পোৰৱালৰ অভিযোগৰ ভিত্তিত নিৰুদ্দেশ হোৱা ব্যক্তিৰ অভিযোগ দাখিল কৰা হয়।’-এজন বিষয়াই কয়।

ইয়াৰ পিছতে আৰক্ষীৰ এটা দলে লালবাউগ ঘৰত উপস্থিত হয়। ‘আমি ঘৰটোত তালাচী চলাই বীনাৰ অৱশিষ্ট পাইছিলোঁ। ৰিম্পলে তাইৰ হাত-ভৰি কাটি পেলাইছিল, যিবোৰ পানীৰ টেংকিত ৰখা হৈছিল। তেওঁ শৰীৰ আৰু মূৰটো প্লাষ্টিকৰ বেগত মেৰিয়াই আলমাৰীৰ ভিতৰত ৰাখিছিল।’- বিষয়াজনে কয়।

মৰণোত্তৰ পৰীক্ষাৰ বাবে কে ই এম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত ৰিম্পলক সোধা-পোছা কৰা হয়। অভিযোগ অনুসৰি ২০২২ চনৰ ২৭ ডিচেম্বৰত বীনা প্ৰথম মহলাৰ পৰা পৰি গৈছিল বুলি আৰক্ষীক জনাইছিল।

বিষয়াগৰাকীয়ে কয়, ‘তেওঁলোকৰ ঘৰৰ তলত অৱস্থিত চীনা খাদ্যৰ দোকানত কাম কৰা দুজন ব্যক্তিয়ে বীনাক সহায় কৰি ঘৰলৈ লৈ গৈছিল। চিকিৎসকৰ ওচৰলৈ নিয়াৰ বাহিৰেও বীনাৰ মূৰ আৰু শৰীৰৰ অন্যান্য অংশত আঘাত পোৱা বুলি আৰক্ষীয়ে জনায় আৰু আঘাতৰ বাবে তেওঁৰ মৃত্যু হ’ব পাৰে বুলিও কয়।

‘বীনা জৈনক কেনেকৈ হত্যা কৰা হ’ল আমি নিশ্চিত নহয়।’ আগতে মাতৃ-কন্যাৰ মাজত মৌখিক কাজিয়া হৈছিল বুলি মুণ্ডে কয়।

আন এজন বিষয়াই কয়, “ৰিম্পলে ভয় খাইছিল যে বীনাৰ মৃত্যুৰ বাবে সকলোৱে তাইক দোষ দিব আৰু তাইৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি একেখিনিকে পেলাই দিয়াৰ সিদ্ধান্ত লৈছিল। তাই ইলেক্ট্ৰিক মাৰ্বল কাটাৰ, কাঁচি আৰু দা ব্যৱহাৰ কৰিছিল। অৱশ্যে তাই শৰীৰৰ অংগবোৰ পেলাই দিব নোৱাৰি অৱশিষ্টখিনি আলমাৰী আৰু পানীৰ টেংকিত ৰাখিলে।”

হত্যা আৰু প্ৰমাণ ধ্বংসৰ অভিযোগত গোচৰ ৰুজু কৰা ৰিম্পলক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰা হ’ব।