মহিলা কৃষকৰ বাবে সুখৱৰ: জালুকবাৰী আৰু ধাৰাপুৰত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে পাৱাৰ টিলাৰ

107

গুৱাহাটী:- দেশৰ কৃষিখণ্ডত পুৰুষৰ সমানে সমানে মহিলা সকলেও যাতে ভাগ লব পাৰে তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰিছে। আনকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘আত্মনিৰ্ভৰ অসম’ আঁচনিৰ সফল কৰি তুলিবলৈ হলে মহিলা সকলক কৃষি-কৰ্মত মনোনিবেশ কৰিব লাগিব বুলি আহ্বান জনাইছে।

ইফালে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহিলা কৃষকসকলক আহ্বানৰ প্ৰতি গুৰুত্ব দি মহিলাসকলে শাৰিৰীক বাধা নোহোৱাকৈ যাতে খেতি পথাৰত পুৰুষৰ দৰে খেতি কৰিব তাৰ বাবে মহিলা কৃষকৰ সহায়ক হোৱাকৈ আৰু মিতব্যয়িতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জালুকবাৰীৰ সমীপৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছস্থিত কুমাৰ ইঞ্জিনীয়াৰিংৰ উদ্যোগত অত্যাধুনিক প্ৰযুক্তিৰে পাৱাৰ টিলাৰ নিৰ্মাণ কৰা হৈছে। এই সন্দৰ্ভত কুমাৰ ইঞ্জিনিয়াৰিং মুখ্য কাৰ্যবাহী বিষয়া (চি.ই.অ’) কুমাৰ গৌৰৱে জানিবলৈ দিয়ামতে জালুকবাৰীৰ পৰা প্ৰায় ছয় কি:মি: নিলগৰ ধাৰাপুৰ নতুনবস্তিত প্ৰায় ৮৫ হাজাৰ বৰ্গফুট এলেকাত যোৱা জুলাই মাহৰ পৰা পেট্ৰল আৰু ডিজেল ইঞ্জিনযুক্ত ইঞ্জিনযুক্ত ইন্ধনৰাহি কৰক পাৱাৰ টিলাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

বিদেশৰ এটা বিখ্যাত কোম্পানীৰ ডিজাইন আৰু কাৰিকৰী সহযোগত নিৰ্মাণৰ কাম আৰম্ভ কৰা এই পাৱাৰ টিলাৰ মহিলা সকলেও যাতে বোকাপানী বা শুকান মাটিত চলাব পাৰে তাত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অংশ হিচাপে এই পাৱাৰ টিলাৰ অন্য পাৱাৰ টিলাৰৰ তুলনাত কিছু পৰিমাণৰ হ্ৰাস কৰা হৈছে। অসমকে ধৰি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা যন্ত্ৰঅংশক ধাৰাপুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত স্থাপন কৰা কাৰখানাত উন্নত প্ৰযুক্তি সহায়ত তাক এচেম্বল কৰি তাক নতুন ৰূপ দিয়া হৈছে।

১৪ এইচ পি (৮৮৮ ) শক্তিৰ ক্ষমতাযুক্ত প্ৰেট্ৰল চলিত এই পাৱাৰৰ এজন মাত্ৰ ২৮০ কেজি। তেনেদৰে আন পাৱাৰ টিলাৰ এক লিটাৰ পেট্ৰল একটা চলাৰ বিপৰীতে ইয়াত মাত্ৰ ৮০০ মি: লি: তেলৰহে প্ৰয়োজন হয়। তেনেদৰে ১৩ এইচ পি ক্ষমতাযুক্ত ডিজেল চালিত (৮৮৮ ডি ) পাৱাৰ টিলাৰ এক লিটাৰত প্ৰায় ডেৰঘণ্টা ধৰি চলে। পৰিবেশ-প্ৰদূষণ সংৰক্ষণৰ বাবে ‘ইউৰো-৫’ প্ৰযুক্তি ইঞ্জিনত ব্যৱহাৰ কৰা হৈছে।

প্ৰায় ১.৬৫ লাখ মূল্যৰ প্ৰেট্ৰলচালিত পাৱাৰ টিলাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে কৃষক ৰাইজে লাভ কৰিব। কিয়নো ইয়াৰ পূৰ্বে টিলাৰ সমূহ ডিজেল আছিল আৰু ই শব্দ, বায়ু প্ৰদূষণ সৃষ্টিত অৰিহণা যোগাইছিল। মাটি চহ কৰা, ঘাহ কটা আৰু ধান কটাকে ধৰি ভিভিন্ন সুবিধা থকা এই পাৱাৰ টিলাৰত টেইলৰ সংযোগ কৰি ১৫ কুইণ্টলৰো অধিক ওজন কঢ়িয়াব পৰা সুবিধা ৰখা হৈছে। মহিলা সকলেও যাতে পথাৰৰ পৰা উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰ বা নিজৰ ঘৰলৈ নিব পাৰে তাৰ বিশেষ ডিজাইন কৰা হৈছে।

মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ গৌৰৱে সদৰি কৰা অনুসৰি ধাৰাপুৰত ৬৫ জন আৰু জালুকবাৰীত ১৫ জনকৈ ধৰি ৮০ জন দক্ষ লোক এই পাৱাৰ টিলাৰ নিৰ্মাণত জড়িত হৈ আছে। ইতিমধ্যে অসম চৰকাৰৰ কৃষি বিভাগকে ধৰি বিভিন্ন সংস্থা আৰু আত্মসহায়ক গোটৰ দ্বাৰা প্ৰশংসা লাভ কৰা এই প্ৰেট্ৰল আৰু ডিজেল চালিত পাৱাৰ টিলাৰ আজাৰা সমীপৰ বঙৰাৰ খেতিপথাৰত সফলতাৰে খেতি চহ কৰি পৰীক্ষণ কাৰ্য সম্পাদন কৰা হৈছে। জালুকবাৰী বাইপাছত থকা স্কাইলাইট অট’মেটিক প্ৰাইভেট লিমিটেডক ডীলাৰশ্বীপৰ দায়িত্ব অৰ্পন কৰা হৈছে। এই পাৱাৰ টিলাৰৰ ইঞ্জিনৰ নমুনা ভাৰত চৰকাৰৰ অট’মেটিক ৰিচাৰ্জ এচ’ছিয়েশ্যন অব ইণ্ডিয়া (এ.আৰ.এ.আই) লৈ প্ৰেৰণ কৰা হৈছে। অন্য পাৱাৰ টিলাৰৰ তুলনাত এই প্ৰযুক্তিৰ পাৱাৰ টিলাৰে ২৫ শতাংশ ইন্ধন ৰাহি কৰাৰ লগতে কৃষকসকল উপকৃত হ’ব।