মহানগৰীৰ বিলাসী হোটেলৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ, নিশা ৩ যুৱতীৰ সৈতে কৰিছিল পাৰ্টী

132

বুধবাৰে গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত হোটেল পেৰাডাইজ ইনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনক কামৰূপ জিলাৰ ডিমুৰ ধ্ৰুৱজ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ এটা বিত্তীয় প্ৰতিষ্ঠানত যুৱকজন কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, যুৱকজনে আন দুজনৰ বন্ধুৰ সৈতে হোটেললৈ গৈছিল আৰু হোটেলৰ বাৰত এটা পাৰ্টি কৰিছিল আৰু হোটেলত তিনিগৰাকী যুৱতীৰ সৈতে ৰাতি আছিল। আনহাতে এই পাৰ্টীৰ পিছতে হোটেলৰ ১০৮নং কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ধ্ৰুৱজ্যোতি ডেকাক।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হোটেলখনত যুৱকজনৰ সৈতে একেলগে অহা দেৱৰাজ আৰু বিকি নামৰ আন দুজন যুৱককো আটক কৰিছে।

ইফালে, ধ্ৰুৱজ্যোতিকে ধৰি ৬জন যুৱকে হোটেলত প্ৰৱেশ কৰাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে। যাৰ বাবে যুৱকজনৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে নিশা হোটেলত একেলগে পাৰ কৰা ৩ যুৱতী বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

এইটোও প্ৰকাশ কৰা হৈছে যে এজন দালালে তিনিজন যুৱকক ছোৱালীবোৰৰ ছবি দিছিল আৰু তেওঁলোকক হোটেললৈ মাতি পঠিয়াইছিল, অৱশ্যে দালালজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।