মহানগৰীত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

85

ভুৱা এমবিবিএছৰ চাৰ্টিফিকেটেৰে মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত চিকিৎসা চলাই থকা দুই ভুৱা চিকিৎসকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত ভুৱা চিকিৎসক দুজনৰ নাম মনোৰঞ্জন ৰায় আৰু হৃষিকেশ ভূঞা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, হোমিওপেথিকৰ ভুৱা ডিগ্ৰী লৈ ৰোগীৰ চিকিৎসা চলোৱা এই দুই ভুৱা চিকিৎসকৰ বিৰুদ্ধে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ চাইন্সে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়োকে পাণবজাৰৰ ক্ৰাইম ব্ৰান্সত ৰাখি সোধ পোছ চলাই থকা হৈছে।