মন্ত্ৰী বিমল বৰাৰ নামত দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ জাল, দিছপুৰ থানাত এজাহাৰ দাখিল

173

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ নামত ভুৱা হোৱাটছএপ নম্বৰৰে বিভিন্ন জনলৈ মেছেজ কৰি প্ৰৱঞ্চনাৰ জাল পাতিছে দুষ্ট চক্ৰই। আমাজন পে’ যোগে ধন বিচাৰি মন্ত্ৰীজনৰ ভুৱা হোৱাটছএপ নম্বৰেৰে বিভিন্নজনলৈ মেছেজ কৰি দুষ্ট চক্ৰই ইতিমধ্যে সৰকাইছে ধনো।

এই সন্দৰ্ভত দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছে মন্ত্ৰীগৰাকীয়ে।

7780915086 নম্বৰটো ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল দুষ্টচক্ৰটোৱে।

ফোন কৰিব মানা কৰি মেছেজত কথা পাতিব কোৱা হৈছিল। অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে। ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে।