মণিপুৰত বিজেপিৰ সংকটমোচকৰ ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মা, সমৰ্থন প্ৰত্যাহাৰ কৰা ৪ NPP বিধায়কক লৈ উৰা মাৰিলে দিল্লীলৈ

114

মণিপুৰ বিধানসভাৰ National Peoples’ Partyৰ চাৰি বিধায়ক ক্ৰমে ওয়াই জয়কুমাৰ, এন কায়িচি, লেটপাও হাউকিপ আৰু এল জয়ন্ত কুমাৰ সিং উৰা মাৰিছে নতুন দিল্লীলৈ । তেওঁলোকক সংগ দিছে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে এনপিপি বিধায়ককেইজনৰ সৈতে দিল্লীলৈ উৰা মৰাৰ প্ৰাকক্ষণত ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান উলিওৱাৰ আশ্বাস দিয়ে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। ইম্ফলত বিজেপি আৰু এনপিপিৰ বৈঠক একপ্ৰকাৰ ব্যৰ্থ হোৱাৰ পিছত এনপিপিৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু চাৰিওজন সতীৰ্থৰ সৈতে দিল্লীলৈ যাত্ৰা কৰিছে ডঃ শৰ্মাই।দিল্লীত হিমন্ত বিশ্ব শৰ্মাই NPPৰ বিধায়ক চাৰিজনক কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাত মিলিত কৰাব বুলি জানিব পৰা গৈছে । চাৰিওজন বিধায়ক মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।